মুখ্যপৃষ্ঠা »খবৰ »অসম »NRC : অচিৰেই আৰম্ভ হোৱাৰ দিশে NRCৰ পুনৰীক্ষণ! পুনৰীক্ষণৰ আবেদনত বিস্ফোৰক তথ্য। 

NRC : অচিৰেই আৰম্ভ হোৱাৰ দিশে NRCৰ পুনৰীক্ষণ! পুনৰীক্ষণৰ আবেদনত বিস্ফোৰক তথ্য। 

পুনৰীক্ষণৰ আবেদনত বিস্ফোৰক তথ্য : 
ঘোষিত বিদেশীৰ নাম আছে NRCত।
D-Voter আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ থকা ব্যক্তিৰো নাম আছে NRCত।
ভুল লিগেচী ডাটা ক’ড ব্যৱহাৰ কৰি NRCত নাম অন্তৰ্ভুক্ত।
প্ৰকৃত বাসিন্দা(OI)ৰ ভুৱা প্ৰমাণ পত্ৰৰে NRCত নাম অন্তৰ্ভুক্ত।

পুনৰীক্ষণৰ আবেদনত বিস্ফোৰক তথ্য : ঘোষিত বিদেশীৰ নাম আছে NRCত। D-Voter আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ থকা ব্যক্তিৰো নাম আছে NRCত। ভুল লিগেচী ডাটা ক’ড ব্যৱহাৰ কৰি NRCত নাম অন্তৰ্ভুক্ত। প্ৰকৃত বাসিন্দা(OI)ৰ ভুৱা প্ৰমাণ পত্ৰৰে NRCত নাম অন্তৰ্ভুক্ত।

  • Share this:
শপত গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই কৈছিল, "শীঘ্ৰেই হ'ব NRCৰ বহু আকাংক্ষিত পুনৰীক্ষণ ৷ সীমান্ত অঞ্চলত ২০% আৰু আন অঞ্চলত ১০% হ'ব পুনৰীক্ষণ ৷"

কথামতেই কাম। NRCৰ পুনৰীক্ষণৰ প্ৰস্তুতি আৰম্ভ ৷ উচ্চতম ন্যায়ালয়ত NRC পুনৰীক্ষণৰ আবেদন জনাইছে NRC কৰ্তৃপক্ষই ৷

জানিব পৰা মতে বহু বিস্ফোৰক তথ্য উল্লেখ আছে NRCৰ পুনৰীক্ষণৰ আবেদনত। জানিব পৰা মতে আবেদনখনত উল্লেখ আছে "ঘোষিত বিদেশীৰ নাম আছে NRCত ৷ D-Voter আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ থকা ব্যক্তিৰো নাম আছে NRCত ।"

NRC কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ত জনোৱা ৩৯ পৃষ্ঠ‍াৰ আবেদনৰ প্ৰতিটো পৃষ্ঠাতে আছে ভয়াৱহ তথ্য। NRCৰ দাবী আৰু আপত্তি (Claim & Objection)ৰ সময়ত কোনো শুনানি নোহোৱাকৈ ৪৩,৬৪২গৰাকী লোকৰ নাম কৰ্তন তালিকাৰ পৰা আনি NRCত অন্তৰ্ভুক্ত কৰা বুলিও আবেদনত উল্লেখ কৰা বুলি জানিব পৰা গৈছে ৷

আনহাতে NRC কৰ্তৃপক্ষই চলোৱা ছেম্পল ভেৰিফিকেচনতো ওলাইছে আশ্বৰ্যজনক তথ্য। বাঘবৰ, কলগাছিয়া আৰু দলগাঁৱৰ তিনিটা NSKৰ ২,৩৪৬টা লিগেচী ডাটা ক’ড পৰীক্ষা কৰিছিল NRC কৰ্তৃপক্ষই। বাঘবৰ, কলগাছিয়া আৰু দলগাঁৱৰ এই তিনিটা NSKত ভুল লিগেচী ডাটা ক’ড ব্যৱহাৰ কৰি ৯৪৩গৰাকী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে NRCত ৷

এনে বহু বিস্ফোৰক অভিযোগ উচ্চতম ন্যায়ালয়ত কৰা আবেদনখনত উল্লেখ থকা বুলি জানিব পৰা গৈছে।

সমান্তৰালভাৱে প্ৰকৃত বাসিন্দা(OI)ৰ ভুৱা প্ৰমাণ পত্ৰৰে বহু ব্যক্তিৰ নাম অন্তৰ্ভুক্তৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে পুনৰীক্ষণৰ আবেদনত।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ মূল তালিকা প্ৰকাশ পোৱাৰ পিছৰে পৰা তুমুল বিতৰ্ক চলি আছে নাগৰিক পঞ্জীৰ শুদ্ধতাক লৈ। খোদ অসম চৰকাৰেই বিতৰ্কৰ আৱৰ্তত ৰাখিছে নাগৰিক পঞ্জীক ৷

২০২০ চনৰ ২০ছেপ্টেম্বৰত পুনৰীক্ষণক লৈ বৈঠকত বহিছিল অমিত শ্বাহ- সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। ৰাজ্য চৰকাৰে তেতিয়াই পুনৰীক্ষণৰ আবেদন কৰাৰ কথা আছিল। পিছে প্ৰায় সাত মাহে ৰাজ্য চৰকাৰে দাখিল নকৰিলে কোনো ধৰণৰ আৱেদন ৷ যাক লৈ প্ৰশ্ন উঠিছিল যে প্ৰতীক হাজেলাপন্থী কোনোবা আমোলাৰ বাবেই হোৱা নাছিল নেকি পুনৰীক্ষণৰ আবেদনৰ কাম?

এনে বহু বিতৰ্কৰ পিছত উচ্চতম ন্যায়ালয়ত ৰাজ্যিক NRC সমন্বয়কে পুনৰীক্ষণৰ বাবে কৰিছে আবেদন। ন্যায়ালয়ৰ ৰায় কি হয়, সেয়া হ’ব লক্ষণীয়।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি