ৰহস্য, ষড়যন্ত্ৰ আৰু বহু কিবা কিবি ৷ কাব্যঋষিৰ মৃত্যুৰ পিছত এখন চিঠিৰ প্ৰসংগ ৷ সকলোৱে নজনা বহু কিবাকিবি আছে চিঠিখনত ৷ বিশিষ্ট সাংবাদিক, স্তম্ভ লেখক নিত্য বৰাৰ হাতত আছে কাব্যঋষী নীলমণি ফুকনে লিখি থৈ যোৱা এখন বিস্ফোৰক চিঠি ৷ বেংকৰ লকাৰত আছে নীলমণি ফুকনে বৰালৈ লিখা চিঠিখন ।
২০০৪ত অনুতাপ,দ্বন্দ আৰু বহু কিবা কিবিৰে নিত্য বৰাই কাকতত লিখা এটা লেখাৰ প্ৰত্যুত্তৰত চিঠিখন প্ৰেৰণ কৰিছিল নীলমণি ফুকনে ৷ ৷ চিঠিখনৰ খামত লিখিছিল, ''মোৰ মৃত্যুৰ পিছত চিঠিখন খুলিবা, বিশ্বাস ৰাখিবা," কাব্যঋষি গ'লগৈ ৷ আত্মা,পৰমাত্মা,স্বৰ্গ আদি ব্যক্তিগতভাৱে বিশ্বাস নকৰা নিত্য বৰাই কাব্যঋষিৰ মৃত্যুৰ দিনটোত খোলা নাই চিঠিখন ৷ বৰাই চিঠিখন ৰাজহুৱা কৰিব নীলমণি ফুকনৰ স্মৃতিচাৰণ নতুবা আন কোনো ৰাজহুৱা অনুষ্ঠানতহে ৷ গুৱাহাটী প্ৰেছ ক্লাৱতো কৰিব পাৰে ৰাজহুৱা ৷ ষড়যন্ত্ৰকাৰী কোন আছিল কাব্যঋষিৰ ৰাজহুৱা হ'ব ১৯ বছৰে বন্ধ খামৰ ভিতৰত থকা চিঠিখনৰে ৷
"মই ছাত্ৰ আছিলো ছাৰৰ ৷ মই সম্পাদক নাছিলো 'আমাৰ প্ৰতিনিধি'ৰ ৷ সম্পাদক আছিল ড৹ ভূপেন হাজৰিকা ৷ মই ছাৰক ভাল পাইছিলোঁ, কিন্তু কাকতালীয়ভাৱে ছাৰৰ বিৰুদ্ধে কবিতা চুৰিৰ অভিযোগ পত্ৰখন মোৰ হাততে পৰিছিল ৷ মই সাংবাদিকৰ ধৰ্ম পালন কৰি প্ৰচণ্ড খং ক্ষোভেৰেই পত্ৰখন তুলি দিছিলোঁ ৷ তাৰ পিছতে অসমৰ ৰাইজে ভিলেইন সজালে কাব্যঋষি গৰাকীক ৷ মোৰ মাজত দ্বন্দ থাকি গ'ল ৷ ২০০৪ত মই যেতিয়া কথাখিনি লিখিলোঁ ছাৰে মোলৈ চিঠিখন দিলে ৷ মোক বিশ্বাসত দিয়াৰ কাৰণে মই সেই বিশ্বাস ৰাখিছোঁ ৷ মই চিঠিখন বেংকৰ লকাৰত থৈ দিছোঁ ৷ মোৰ বয়স এতিয়া ৮০বছৰ ৷ কোন দিনা কি হয় মই নাজানোঁ ৷ গতিকে মোৰ ব্যক্তিগত চিঠি যদিও সেইখন মই ৰাজহুৱা কৰিম ৷"— নিত্য বৰা। নিত্য বৰাই লগতে ক'লে, "ফুকন ছাৰে জাতিটোক,ভাষাটোক বৰ ভাল পাইছিল ৷ মোক কৈছিল নিত্য, মোৰ আইৰ মুখৰ ভাষাটোক যাবলৈ নিদিবা ৷ সাহিত্যিক,কবিসকলৰ মাজতো থাকে ঈৰ্ষা, সেই ঈৰ্ষাৰে বলি হৈছিল মানুহজন ৷ কাব্যঋষি গৰাকীক খুব ওচৰৰ পৰা জানিছিল,বুজিছিল ভৱেন বৰুৱা,নৱকান্ত বৰুৱা,ভৱেন্দ্ৰনাথ শইকীয়া, হীৰেণ গোঁহাই, হৰেকৃষ্ণ ডেকা আদিয়ে ৷"
Published by: Kokil Sarma
FIRST PUBLISHED : January 20, 2023, 02:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।