মুখ্যপৃষ্ঠা »খবৰ »অসম »Lockdown In Assam : অসমত ১৫ দিনৰ লকডাউনৰ সম্ভাৱনা! আজিয়েই ঘোষণা কৰিব পাৰে নতুন চৰকাৰে! কোৰোণাৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ।

Lockdown In Assam : অসমত ১৫ দিনৰ লকডাউনৰ সম্ভাৱনা! আজিয়েই ঘোষণা কৰিব পাৰে নতুন চৰকাৰে! কোৰোণাৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ।

প্ৰতীকী ফটো

আজি হ’ব নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক। এই বৈঠকতে লকডাউন ঘোষণাক লৈ চৰকাৰে কঠোৰ সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

  • Share this:
অসমত ১৫ দিনৰ বাবে লকডাউন ঘোষণাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে! আজিয়েই এই সন্দৰ্ভত এক সিদ্ধান্ত ল’ব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।

আজি সন্ধিয়া জনতা ভৱনত হ’ব নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক। এই বৈঠকতে লকডাউন ঘোষণাক লৈ চৰকাৰে কঠোৰ সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সোমবাৰেই ছচিয়েল মিডিয়াযোগে এনে এক ইংগিত দিছিল নৱ নিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাই।


কোৰোণাৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ১৫ দিনৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে। পিছে লকডাউন দিব নে বাধা নিষেধ অধিক কঠোৰ কৰিব সেয়া নিশ্চিত কৰা নাই। শীঘ্ৰেই এই সন্দৰ্ভত নতুন মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে সোমবাৰে অসমত নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ৫,৮০৩ গৰাকী লোক আৰু মৃত্যু মুখত পৰিছে ৭৭ গৰাকী।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি