হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সপ্তম স্থান দখল কৰিছে গুৱাহাটীৰ TC GOVT GIRLS HS & MP SCHOOL ছাত্ৰী তথা কামৰূপ জিলাৰ ডিমু নিবাসী নিশা শৰ্মাই । নিশাই মুঠ ৫৯১ নম্বৰ লাভ কৰি ৯৮.৫ শতাংশৰে সপ্তম স্থান দখল কৰি বিদ্যালয়ৰ লগতে বৃহত্তৰ ডিমু অঞ্চললৈ কঢ়িয়াই আনিছে গৌৰৱ ।
কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ডিমু গাঁৱৰ অশ্বনী শৰ্মা আৰু গিতাঞ্জলী দেৱীৰ কন্যা নিশাৰ ফলাফলক লৈ উৎফুল্লিত হৈ পৰে সমগ্ৰ ডিমুবাসী। ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ মন নিশা শৰ্মাৰ । নিশাৰ কৃতিত্বৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে । নিশাই বাইহাটা চাৰিআলিৰ ৰামানুজ একাডেমীত নামভৰ্তি কৰাৰ সম্ভাৱনা আছে বুলিও ব্যক্ত কৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : June 07, 2022, 16:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।