নিয়ম ভঙাটো যেন সকলোৰে জন্মস্ৱত্ৱ হৈ পৰিছে। নেতা, মন্ত্ৰী, বিধায়ক, আমোলা, বিষয়াৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকলৈ সকলোৱই যেন নামিছে নিয়ম ভঙাৰ প্ৰতিযোগিতাত।
পিছ পৰি ৰোৱা নাই নাও চালকো। এখন যাত্ৰীবাহী নাওৰ চালকৰ হাতত থাকে একো একোজন লোকৰ জীৱন, একে একেটা পৰিয়ালৰো ভৱিষ্যৎ। কিন্তু এই সকলো জলাঞ্জলি দি ৰাজধানী দিছপুৰৰ কাষতে নীতি বহিৰ্ভূতভাৱে ব্ৰহ্মপুত্ৰ নদীত চলি আছে যন্ত্ৰচালিত নাও।
মহানগৰীৰ গাতে লাগি থকা পানীখাইতি, হাজংবৰী, চন্দ্ৰপুৰ আদি অঞ্চলত ব্ৰহ্মপুত্ৰত চলাচল কৰি আছে ভালেসংখ্যক যন্ত্ৰচালিত নাওঁ। চৰকাৰী অনুমোদন নথকা ঘাটৰ পৰা সকলোৰে চকুৰ সন্মুখতে চলা আছে এই নাওসমূহ।
এই যন্ত্ৰচালিত নাওঁ সমূহত পালন কৰা নাই কোনো কোভিড নিয়ম। নাৱত নাই কোনো সুৰক্ষা কৱচ। নাও সমূহত অতিৰিক্তভাৱে অত্যধিক যাত্ৰী কঢ়িওৱাৰ উপৰিও দুচকীয়া বাহনো কঢ়িয়াই আছে একাংশ নাৱত। তদুপৰি ব্ৰহ্মপুত্ৰত চলাচল কৰিবৰ বাবে থাকিবলগীয়া প্ৰয়োজনীয় নথি পত্ৰও নাই বহু নাৱৰ।
এতিয়া বাৰিষাৰ বতৰ আৰু বাৰিষাৰ বতৰত ফেনে ফুটুকাৰে বাঢ়ি আহে বৰলুইত। কিন্তু প্ৰশ্ন হ’ল এই অবৈধ বা নথি-পত্ৰ নোহোৱাকৈ তদুপৰি কোনো চৰকাৰী অনুমোদিত ঘাট নোহোৱাকৈ ব্ৰহ্মপুত্ৰৰ য’তে-ত’তে এই নাওসমূহ লগোৱাত কিয় বাধা প্ৰদান কৰিব পৰা নাই নদী আৰক্ষীয়ে?
যাত্ৰীৰ সুৰক্ষাৰ যাৱতীয় ব্যৱস্থা কৰি নাওসমূহক নাকি লগাবলৈ আৰক্ষীক আৰু প্ৰশাসনক দাবী জনাইছেসচেতন লোকে।
Published by: Manjumoni Borah
FIRST PUBLISHED : May 17, 2021, 08:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।