হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ লক্ষ্য এক লাখ নিবনুৱা যুৱক যুৱতীক চৰকাৰী কৰ্মসংস্থান দিয়া। তাৰেই অংশ হিচাপে শনিবাৰে চৰকাৰে দুটা বিভাগত পুনৰ ১২০৮ টা পদত দিলে নতুন নিযুক্তি। ইয়াকে লৈ ২০ মহীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইপৰ্য্যন্ত দিলে মুঠ ৪১,৭১০ টা পদত নিযুক্তি। লক্ষ্য এক লাখ পদত নিযুক্তি।
মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল এক লাখ যুৱক যুৱতীক কৰ্মসংস্থান দিয়াটো। ২০ মহীয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে শনিবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১২০৮ গৰাকী যুৱক যুৱতীক চৰকাৰে দিলে নতুন নিযুক্তি। ইয়াৰে ১১৩৬ গৰাকী এই এন এম নাৰ্চ আৰু ৭২ গৰাকী হল গৃহ বিভাগৰ অধীনত নিযুক্তি পোৱা যুৱক যুৱতী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে পুৱাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দহ গৰাকী যুৱতীৰ হাতত তুলি দিয়ে নতুন চাকৰিৰ নিযুক্তি পত্ৰ। নতুনকৈ নাৰ্চৰ চাকৰি পোৱাসকলক মৰমীয়াল হ'বলৈ উপদেশ দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীত ৪০০ টা শ্বহীদ পৰিয়াল আছে। সেই সমুহৰ কিছু সংখ্যকক অনুকম্পাৰ ভিত্তিত চৰকাৰে নিযুক্তি দিয়ে। এই প্ৰচেষ্টা চৰকাৰে অব্যাহত ৰাখিব বুলিও নিজৰ ভাষণ প্ৰসংগত জানিব দিয়ে মুখ্যমন্ত্ৰীয়ে। শনিবাৰে চৰকাৰী চাকৰি লাভ কৰি উৎফুল্লিত হৈ পৰে নতুনকৈ চাকৰি পোৱা যুৱতীসকলেও। ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে এইপৰ্য্যন্ত দিলে ৪১,৭১০ টা পদত চৰকাৰী চাকৰি। শনিবাৰৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, DGP ভাস্কৰ জ্যোতি মহন্ত, Special DGP জিপি সিং, গৃহ বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী উপস্থিত আছিল।
Published by: Kokil Sarma
FIRST PUBLISHED : January 28, 2023, 15:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|