মহানগৰবাসীক পানী যোগানত মই ব্যৰ্থ ৷ মহানগৰবাসীৰ সন্মুখত অসহায় স্বীকাৰ মন্ত্ৰী অশোক সিংঘালৰ ৷ ১১ বছৰে মাথোন গুৱাহাটীবাসীক পানী যোগানৰ আশা প্ৰতিশ্ৰুতি দিয়া হ'ল ৷ আজিলৈ সমস্যা সমাধান নহ'ল ৷ ইয়াৰ ব্যৰ্থতাৰ ভাৰ মূৰ পাতি ললে মন্ত্ৰী অশোক সিংঘালে ৷
১১ বছৰ পলম হোৱা পানী যোগান কাম আৰু পলম হ'ব নোৱাৰে ৷ ২৪ ত মহানগৰীৰ পৰিয়ালে লাভ কৰিব বিশুদ্ধ খোৱা পানী ৷ ইয়াৰ বাবে যুদ্ধং দেহি তৎপৰতা মন্ত্ৰী অশোক সিংঘালৰ ৷ কাগজে পত্ৰই মাথোন কাম হলে নহ'ব ৷ বাস্তৱত হব লাগিব ৷ তাৰবাবে প্ৰতিটো মাহত ফিল্ড ভিজিত দিয়াৰ কথা মন্ত্ৰী সিংঘালৰ ৷ বৃহস্পতিবাৰেও সোণাইঘূলি, লিচুবাগান আৰু নৰকাসুৰ ৰিজাৰ্ভাৰ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকী ৷ যদিওৱা কাম কাজ দেখি হতাশ মন্ত্ৰী গৰাকী ৷ ঠিকাদাৰৰ সুবিধাৰ্থে মাথোন নিশাৰ ভাগত কাম চলাই ৷ বাকী সময় বন্ধ ৰাখে কাম কাজ ৷ মন্ত্ৰীৰ পৰিদৰ্শন সময়তে প্ৰকাশ পালে ঠিকাদাৰৰ লেহেমীয়া কাম কাজৰ প্ৰকৃত চৰিত্ৰ ৷ ঠিকা লাভকাৰী প্ৰতিষ্ঠানক দিনে নিশা কাম কৰিবলৈ নিৰ্দেশ মন্ত্ৰীৰ ৷ এতিয়া প্ৰশ্ন হৈছে, মন্ত্ৰী গৰাকীৰ এনে ঘোষণা তথা নিৰ্দেশ কিমান কাৰ্য্যকৰী হয় সেয়া সময়ত লক্ষণীয় হব ৷
Published by: Kokil Sarma
FIRST PUBLISHED : February 02, 2023, 21:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|