মুখ্যপৃষ্ঠা »খবৰ »অসম »চোৰৰ চেলেঞ্জ ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সমীপত এটাৰ পাছত আনটো চুৰিৰ ঘটনা ...

চোৰৰ চেলেঞ্জ ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সমীপত এটাৰ পাছত আনটো চুৰিৰ ঘটনা ...

নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানে দায়িত্ব লোৱাৰ পিছত দুটা দিনত দুটাকৈ চুৰিকাণ্ড সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সমীপত ৷

নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানে দায়িত্ব লোৱাৰ পিছত দুটা দিনত দুটাকৈ চুৰিকাণ্ড সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সমীপত ৷

  • Share this:
নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানক যেন ডাঙৰ চেলেঞ্জ অপৰাধীৰ ৷ নিশা নহয় ফুট গধূলিতে তলা ভাঙি চোৰে লুটি নিলে সা সামগ্ৰী ৷ ৩১ জানুৱাৰীত সন্ধিয়া উলুবাৰী ইস্কন মন্দিৰৰ সমীপত এগৰাকী সাংবাদিকৰ ঘৰত সোমাই চোৰে লুটি লৈ যায় বহু মূল্যবান সা সম্পত্তি ৷ চুৰি কাণ্ডৰ দিনটোতে অৱসৰ প্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই নৱনি়যুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংঙক দায়িত্ব ভাৰ প্ৰদান কৰিছিল ৷ নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানে দায়িত্ব গ্ৰহণত দিনটোত সঞ্চালক প্ৰধান কাৰ্য্যলয়ৰ মাত্ৰ ডেৰ কিলোমিটাৰ দূৰত্ব সংঘটিত হৈছিল চুৰি কাণ্ড ৷ ঘৰত মাত্ৰ ৫০ মিনিট নথকা অৱস্থাত চোৰে সুযোগ লৈ পৰিয়ালটোৰ পৰা লুটি লৈ গৈছিল নগদ ধন সহ সোণৰ আ অলংকাৰ ৷ পিছে, এই ঘটনাৰ তদন্ত চলি থকাৰ মাজতে ১ ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰে সন্ধিয়া পুনৰ চুৰি হয় উলুবাৰীত ৷

এইবাৰ ডেৰ কিলোমিটাৰ নহয় আৰক্ষী সঞ্চালক প্ৰধান কাৰ্যালয়ৰ পৰা মাত্ৰ ৫ শ মিটাৰ দূৰত্বত চোৰৰ অভিয়ান ৷ উলুবাৰীৰ পিয়লি ফুকন ৰোড'ত বিশ্বপ্ৰতাপ  চক্ৰৱৰ্তী নামৰ গৰাকীৰ ঘৰত তলা ভাঙি চোৰে লুটিলে ঘৰৰ সা সামগ্ৰী ৷ নগদ ধনৰ পৰা চিলিণ্ডাৰলৈ এপদ এপদ সামগ্ৰী নিলে চোৰে ৷ এয়া মাথোন মহানগৰীৰ এটা অঞ্চলৰ উদাহৰণহে ৷ এনেদৰে নিতৌ মহানগৰীত সংঘটিত হৈছে এটাৰ পাছত আনটো চুৰি কাণ্ড ৷ যত গৃহস্থ নথকাৰ সুযোগ পালে যেনি তেনি প্ৰৱেশ কৰে চোৰ ৷ অপৰাধী এনে ৰম্যভূমিত পৰিণত গুৱাহাটী সুৰক্ষাৰ বাবে এতিয়া অসম আৰক্ষীয়ে কি ল'ব পদক্ষেপ ৷ সেয়া হৈছে লক্ষণীয় ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি