বুধবাৰে পুৱা প্ৰায় ৭ বজাৰ পৰাই গুৱাহাটী মহানগৰীৰ খাৰঘূলি অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ম'হটোৱে। ম'হটো ট্ৰেংকুলাইজ কৰিবলৈ বহু চেষ্টা চলাইছিল বন বিভাগে। খাৰঘূলিৰ ডনবস্ক' বিদ্যালয়ৰ সন্মুখত দীৰ্ঘ সময় ধৰি বনৰীয়া ম'হটোৱে বিচৰণ কৰি আছিল।
খাৰঘূলিৰ এগৰাকী স্থানীয় বাসিন্দাই আৰক্ষী আৰু বন বিভাগক খবৰ দিয়াৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় লতাশিল আৰক্ষী, বন কৰ্মী আৰু বন বিষয়া। খাৰঘূলি - জয়পুৰ পথত বহুসময় ইফালৰ পৰা সিফালে দৌৰি ফুৰে ম'হটো। পথটোত যান - বাহন চলাচলত আৰক্ষীয়ে বাধা দিয়াত যান- জটৰো সৃষ্টি হয়। বন কৰ্মীয়ে ম'হটো খেদি নি জাইকাৰ পানী প্ৰকল্পৰ চৌহদৰ ভিতৰত কৌশলেৰে প্ৰৱেশ কৰোৱায়। ম'হটোক ট্ৰেংকুলাইজ কৰিবলৈ উপস্থিত হয় চিকিৎসক। কিন্তু টিলাৰ ওপৰত ঘন জংঘলৰ ভিতৰত কেইবা ঘন্টা আশ্ৰয় লয় ম'হটোৱে। জংঘলৰ পৰা ওলাই অহাৰ পিছত ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় যদিও বশ নহ'ল ম'হটো। পুনৰ ম'হটোৱে গৈ জংঘলৰ ভিতৰত আশ্ৰয় লয়। নেৰানেপেৰা বৰষুণ হৈ থকাৰ লগতে ম'হটো একে স্থানত নথকাৰ বাবে ট্ৰেংকুলাইজ কৰাত যথেষ্ট অসুবিধা হৈছিল। জাইকাৰ প্ৰকল্প চৌহদত ইফালৰ পৰা সিফালে দৌৰি ফুৰিছিল ম'হটো। পিছত আন্ধাৰ হোৱাৰ বাবে আৰু ম'হটো জংঘলৰ ভিতৰত আশ্ৰয় লোৱাত অভিযান স্থগিত কৰিব লগা হয় বন বিষয়াই।
বৃহস্পতিবাৰে পুনৰ পুৱাৰ ভাগত আৰম্ভ হ'ল অভিযান। দ্বিতীয় বাৰ ট্ৰেংকুলাইজ কৰি বিফল হোৱাত তৃতীয় বাৰৰ বাবে ট্ৰেংকুলাইজ কৰা হয় ম'হটোক। তৃতীয় বাৰত সফল হয় ম'হটো বশ কৰিবলৈ। অচেতন হৈ পৰা ম'হটোক ফকলেণ্ডৰ সহায়ত তুলি আনি বন বিভাগে লৈ যায় গড়ভঙা সংৰক্ষিত বনাঞ্চললৈ। সুস্থ হৈ উঠাৰ পিছত ম'হটোক এৰি দিয়া হয় গড়ভঙা সংৰক্ষিত বনাঞ্চলত।
স্থানীয় লোকৰ মন্তব্য পূৰ্বেও এনেদৰে ব্ৰহ্মপুত্ৰইদি উটি আহিছিল ঘৰচীয়া ম'হ। স্থানীয় লোকে উদ্ধাৰ কৰি ম'হৰ গৰাকীক গতাই দিছিল। এই ম'হটোও এনেদৰে উটি অহাৰ সন্দেহ স্থানীয় লোকৰ ।
Published by: Kokil Sarma
FIRST PUBLISHED : May 27, 2022, 00:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।