অৱশেষত ৰাজ্যত অপেক্ষাৰ বৰষুণজাক আহিল। বৰষুণৰ অপেক্ষাত থকা মহানগৰবাসীয়েও পালে সকাহ। মঙলবাৰে নিশাৰে পৰা গুৱাহাটী মহানগৰীত বৰষুণ। পিছে এই বৰষুণ থাকিব কিমান দিনলৈ ?
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৰাজ্যত ১৫ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ হ'ব বৃষ্টিপাত। ঠায়ে ঠায়ে ধুমুহা, শিলাবৃষ্টি, বজ্ৰপাতৰো আশংকা। আগন্তুক ৩-৪ দিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ। অৱশ্যে বৰষুণ অব্যাহত থাকিলে চিন্তা বাঢ়িব মহানগৰবাসীৰো। কিয়নো মহানগৰীৰ ঠায়ে ঠায়ে চলি আছে ড্ৰেইনৰ নিৰ্মাণকাৰ্য। তেনে সময়ত ৩-৪ দিন বৰষুণ অব্যাহত থাকিলে ঠায়ে ঠায়ে কৃত্ৰিম বান হোৱাৰো আশংকা থাকিব।
Published by: Kokil Sarma
FIRST PUBLISHED : March 15, 2023, 22:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।