মুখ্যপৃষ্ঠা »খবৰ »অসম »ভাঙি পেলোৱা হ’ব বসবাসৰ অনুপযোগী বহু অট্টালিকা ! সাজু হৈছে অসম চৰকাৰ ...

ভাঙি পেলোৱা হ’ব বসবাসৰ অনুপযোগী বহু অট্টালিকা ! সাজু হৈছে অসম চৰকাৰ ...

ৰাজ্যত ভাঙি পেলোৱা হ’ব বসবাসৰ অনুপযোগী বহু অট্টালিকা। ভূঁইকঁপৰ ফলত ক্ষতিগ্ৰস্ত হ’ব পৰা অট্টালিকাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে সাঁজু হৈছে অসম চৰকাৰ ৷

ৰাজ্যত ভাঙি পেলোৱা হ’ব বসবাসৰ অনুপযোগী বহু অট্টালিকা। ভূঁইকঁপৰ ফলত ক্ষতিগ্ৰস্ত হ’ব পৰা অট্টালিকাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে সাঁজু হৈছে অসম চৰকাৰ ৷

ৰাজ্যত ভাঙি পেলোৱা হ’ব বসবাসৰ অনুপযোগী বহু অট্টালিকা। ভূঁইকঁপৰ ফলত ক্ষতিগ্ৰস্ত হ’ব পৰা অট্টালিকাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে সাঁজু হৈছে অসম চৰকাৰ ৷

  • Share this:
ৰাজ্যত ভাঙি পেলোৱা হ’ব বসবাসৰ অনুপযোগী বহু অট্টালিকা। ভূঁইকঁপৰ ফলত ক্ষতিগ্ৰস্ত হ’ব পৰা অট্টালিকাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে অসম চৰকাৰ ৷ তুৰস্কৰ ভয়াৱহ ভূঁইকঁপৰ পিছতেই সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিভিন্ন পদক্ষেপ হাতত লৈছে ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে।

ভূমিকম্পৰ সতৰ্কতামূলক ব্যৱস্থা লৈছে ৰাজ্য চৰকাৰে।জে চি বি-বুলডজাৰৰ কোব পৰিব গুৱাহাটীৰ বহু বৃহৎ অট্টালিকাত ।আৰম্ভ হৈছে তথ্য সংগ্ৰহ আৰু গৱেষণাৰ কাম।সম্পন্ন হ'লেই প্ৰস্তুত হ'ব SOP। তুৰস্কৰ ভূমিকম্পৰ কথা এতিয়া সকলোৰে মনত আছে !কিদৰে বৰভূইকপৰ ফলত ধ্বংস হৈছিল এটাৰ পিছত আন এটা বৃহৎ অট্টালিকা।এই ভূমিকম্পৰ পিছতো বিশ্বৰ কেইবাখনো দেশত হৈছিল সৰু বৰ ভূমিকম্পৰ জোকাৰণি। বিশ্বৰ আন আন স্থানৰ লগতে শেহতীয়াকৈ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলতো জোকাৰি গৈছে কেইবাটাও মৃদু ভূমিকম্পই। যাৰ বাবে এতিয়া তৎপৰ হৈছে অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ। গুৱাহাটীত যধে মধে নিৰ্মাণ হৈছে বহু অট্টালিকা; ইয়াৰ ভিতৰতে আছে শতিকা পুৰণি কেইবাটাও অট্টালিকা ৷ সেয়েহে সতৰ্কতামুলক ব্যৱস্থা হিচাপে ভাঙি পেলোৱা হ’ব বসবাসৰ অনুপযোগী অট্টালিকাসমূহ ৷ কেৱল অট্টালিকাসমূহে নহয় আন আন বহু ক্ষেত্ৰতে সতৰ্কতা
অৱলম্বন কৰিছে ৰাজ্য চৰকাৰে।ইতিমধ্যে কেবাটাও দলে আৰম্ভ কৰিছে তথ্য সংগ্ৰহ আৰু জৰীপৰ কাম।এই প্ৰক্ৰিয়া সমন্ন হলে প্রকাশ পাব SOP। সেইমতেই ভঙা হ'ব বসবাসৰ অনুপযোগী অট্টালিকা। ২০২১ বৰ্ষত হোৱা ভূমিকম্পৰ ফলত গুৱাহাটীৰ বৃহৎ কেইবাটাও অট্টালিকাত মেলিছিল বৃহৎ ফাট। তাৰে পিছত বহু অট্টালিকাক লৈ ব্যবস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও ফলপ্ৰসূ হোৱা নাছিল।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি