মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam's Digital Govt School: ডিজেটল হোৱাৰ চেষ্টা অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ

Assam's Digital Govt School: ডিজেটল হোৱাৰ চেষ্টা অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ

কিতাপ বহীৰ বিপৰীতে তুলি দিয়া হৈছে টেবলেট

কিতাপ বহীৰ বিপৰীতে তুলি দিয়া হৈছে টেবলেট

  • Share this:
ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ সমূহৰ অৱস্থা দৈনন্দিন অধিক শোচনীয় হৈ পৰা দেখা গৈছে। চৰকাৰী বিদ্যালয় সমূহক লৈ চিন্তিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থাক লৈ চিন্তা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে আগন্তক ১০ বছৰত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষকসকল স্বইচ্ছাই অৱসৰ গ্ৰহণ কৰিবলগীয়া এক পৰিৱেশ আহিব পাৰে বুলিও মন্তব্য প্ৰকাশ কৰিছে।

কিন্তু মহানগৰী গুৱাহাটীৰ এখন চৰকাৰী বিদ্যালয়ৰ পৰিৱেশ দেখিলে আপুনি মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়সমূহক লৈ প্ৰকাশ কৰা আশংকা ভুল বুলিয়েই প্ৰমাণিত হ'ব। মহানগৰীৰ এই বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ আন চৰকাৰী বিদ্যালয়সমূহৰ পৰা সম্পূৰ্ণ বেলেগ। এই বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ দেখি বিদ্যালয়খনলৈ ছাত্ৰ-ছাত্ৰীয়ে ঢাপলি মেলিছে।

দিছপুৰ সমষ্টিৰ অন্তৰ্গত জটিয়াৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয়খনত পূৰ্বৰ তুলনাত এইবছৰ বৃদ্ধি পাইছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা। এইবাৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয়খনত ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ নাম ভৰ্তি কৰিছে। বিদ্যালয়খনৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল আকৰ্ষিত হোৱাত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক উৎফুল্লিত হৈ পৰিছে।

ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী সকলক আধুনিক পদ্ধতিৰে ডিজিটেল শিক্ষা প্ৰদান কৰা হয়। কিতাপ-বহিৰ পৰিবৰ্তে ছাত্ৰ-ছাত্ৰী সকলৰ হাতত তুলি দিয়া হয় টেবলেট। টেবলেটৰ জৰিয়তে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা গ্ৰহণ কৰি পূৰ্বৰ তুলনাত অধিক উপকৃত হোৱা বুলি প্ৰকাশ কৰে।  অৱশ্যে ছাত্ৰ-ছাত্ৰী সকলে টেবলেট লাভ কৰিবলৈ পৰিশোধ কৰিব লাগে এক মাননি। প্ৰতিদিনে এই মাননি দিবলৈ সক্ষম হ'লে ছাত্র-ছাত্ৰী সকলে অংক আৰু অসমীয়া জ্ঞান লাভ কৰিব পাৰে টেবলেটত। মাননি নিদিয়া ছাত্ৰ-ছাত্ৰীয়ে অৱশ্যে অংক আৰু অসমীয়াৰ যিকোনো এটা বিষয় টেবলেটত অধ্যয়ন কৰিব পাৰে।

অকছাৰ ফাউণ্ডেচন নামৰ এক বেচৰকাৰী সন্থাই বিদ্যালয়খনৰছাত্ৰ-ছাত্ৰী সকলক এই বিশেষ সুবিধা প্ৰদান কৰিছে। পেলনীয় প্লাষ্টিক আৰু বটল ছাত্ৰ-ছাত্ৰী সকলে অকছাৰ ফাউণ্ডেচনৰ কৰ্মকর্তা সকলৰ হাতত তুলি দিলে ছাত্ৰ-ছাত্ৰী সকলে টেবলত লাভ কৰে শিক্ষা গ্ৰহণ বাবে। এই পেলনীয় প্লাষ্টিক আৰু বটল সমূহ পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে অকছাৰ ফাউণ্ডেচনৰ কৰ্মকর্তাসকলৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে। ইয়াৰ লগতে বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষাও প্ৰদান কৰা হয় ছাত্ৰ-ছাত্ৰী সকল।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি