ক'ভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে অসমত জাৰি কৰিছে কেতবোৰ নতুন নীতি-নিৰ্দেশনা। এই নিৰ্দেশনা মতে-
১. কোনো বৈঠক বা মিটিং অনুষ্ঠিত কৰিব নোৱাৰিব।
২. বিবাহ অনুষ্ঠানত ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰাৰ বাবে মাত্ৰ ২০জন মানুহ গোট খাব পাৰিব। বিবাহক লৈ কোনো অভ্যৰ্থনা আৰু প্ৰাক বিবাহ অনুষ্ঠান পাতিব নোৱাৰিব।
৩. কোনো ধৰ্মীয় অনুষ্ঠানত ৫জনতকৈ বেছি মানুহ যাব নোৱাৰিব।
৪. শেষকৃত্য পৰ্বত ২০জনতকৈ অধিক লোক অংশ ল'ব নোৱাৰিব।
৫. সকলো দোকান-বজাৰ ২বজাত বন্ধ কৰিব লাগিব।
৬. ৰেষ্টুৰেণ্ট, ধাবাত ২বজালৈ খাদ্য পৰিৱেশন কৰিব পাৰিব। ইয়াৰ পিছত take away আৰু home delivey ৬বজালৈ খোলা থাকিব। ৬ বজাৰ পিছত কেবল home delivery হে উপলব্ধ হ'ব।
৭. হোটেল, ৰিজ'ৰ্টৰ ৰেষ্টুৰেণ্টত বাহিৰৰ গ্ৰাহকে ২ বজালৈ খাদ্য গ্ৰহণ কৰিব পাৰিব। অৱশ্যে তাৰ ভিতৰত থকা বা হোটেল-ৰিজ'ৰ্টত নৈশ যাপন কৰা অতিথিয়ে ইয়াৰ পিছতো খাদ্য গ্ৰহণ কৰিব পাৰিব।
৮. ই-কমাৰ্চৰ ডেলিভাৰী সেৱা ক'ভিড বিধি মানি চলি থাকিব পাৰিব।
৯. ২ বজাৰ পিছতো শীতলীকৰণ ভৰাল খোলা থাকিব। কিন্তু ইয়াৰ লগত থকা বিক্ৰী কেন্দ্ৰ ২বজাত বন্ধ কৰিব লাগিব।
১০. ফাৰ্মাচী, হাস্পতাল, পশু চিকিৎসা কেন্দ্ৰৰ সেৱা চলি থাকিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|