• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন, বাল্য বিবাহ প্ৰতিৰোধত কঠোৰ হ'ব চৰকাৰ, ঠিকাভিত্তিক শিক্ষকৰ সেৱাক প্ৰদান কৰিব স্বীকৃতি

অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন, বাল্য বিবাহ প্ৰতিৰোধত কঠোৰ হ'ব চৰকাৰ, ঠিকাভিত্তিক শিক্ষকৰ সেৱাক প্ৰদান কৰিব স্বীকৃতি

আজি জনতা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়।

আজি জনতা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়।

আজি জনতা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

  • Share this:

আজি জনতা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। "ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আমাৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ অংশস্বৰূপে আৰক্ষী কৰ্মীৰ বীৰত্বক স্বীকৃতি, বাল্য বিবাহ প্ৰতিৰোধ, আই টি আইৰ সুবিধা সম্প্ৰসাৰণ, জে এন ইউত শ্ৰীমন্ত শংকৰদেৱ আসন, ক্ৰীড়া আন্তঃগাঁথনিৰ সুৰক্ষা, অসম মালাৰ প্ৰাক আৰু পূৰ্বৱৰ্তী নিৰ্মাণকাৰ্যকে ধৰি কেতবোৰ বিশেষ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।" বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।


আজি অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত এনেধৰণৰঃ


আৰক্ষী কৰ্মীৰ বীৰত্বক স্বীকৃতি




  • শৌর্য আৰু ত্যাগৰ স্বীকৃতিস্বৰূপে নিৰস্ত্ৰ শাখা আৰু সশস্ত্ৰ শাখাৰ কৰ্তব্যৰত অৱস্থাত চিৰদিনলৈ আঘাতপ্রাপ্ত (বোমা বা গুলীৰ আঘাতেৰে) অ-ৰাজপত্ৰিত আৰক্ষী কৰ্মীসকলক পদোন্নতিৰ বাবে বাধ্যতামূলক প্ৰি-প্ৰমোচন কেডাৰ পাঠ্যক্ৰমৰ পৰা ৰেহাই।

  • এনে অ-ৰাজপত্ৰিত আৰক্ষী কৰ্মীৰ পদোন্নতি কাৰ্যকৰী কৰিবলৈ অসমৰ আৰক্ষী সঞ্চালক প্রধানক ক্ষমতা প্ৰদানৰ হেতু কাৰ্যালয় স্মাৰক পত্ৰত অনুমোদন।

  • এই পদক্ষেপৰ জৰিয়তে আঘাতপ্রাপ্ত অ-ৰাজপত্ৰিত আৰক্ষী জোৱানসকলে পদোন্নতি লাভৰ সুযোগ লাভ কৰিব


বাল্য বিবাহ প্ৰতিৰোধ




  • নৱজাতকৰ মৃত্যুৰ হাৰ আৰু প্ৰসৱজনিত মৃত্যুৰ হাৰ হ্ৰাসৰ লগতে গ্রামাঞ্চলত বাল্য বিবাহ ৰোধ কৰিবলৈ বাল্য বিবাহ প্ৰতিৰোধ আইন, ২০০৬ৰ অধীনত ২,১৯৭ গাঁও পঞ্চায়ত সচিবক 'বাল্য বিবাহ প্ৰতিৰোধ (নিষেধাজ্ঞা) বিষয়া' হিচাপে নিযুক্তি।

  • এই বিষয়াসকলে কইনাৰ বয়স ১৪ বছৰৰ তলৰ ক্ষেত্ৰত POCSO আইনৰ অধীনত আৰু কইনাৰ বয়স ১৪ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰত বাল্য বিবাহ প্ৰতিৰোধ আইন, ২০০৬ৰ অধীনত এজাহাৰ দাখিল কৰিব। এই ক্ষেত্ৰত ৰাজ্যজুৰি শীঘ্ৰেই বৃহৎ অভিযান আৰম্ভ কৰা হ'ব।


দক্ষতামূলক পদক্ষেপৰ উমৈহতীয়া মঞ্চ




  • অসমত দক্ষতামূলক কাৰ্যসূচীসমূহৰ সমন্বয় সংস্থা হিচাপে অসম দক্ষতা বিকাশ অভিযানৰ সৈতে দক্ষতা বিকাশৰ পদক্ষেপসমূহৰ একত্ৰীকৰণৰ বাবে এক উমৈহতীয়া মঞ্চ গঠন কৰা হ'ব। আই টি আইসমূহৰ প্ৰশিক্ষণৰ সুবিধা সম্প্ৰসাৰণ

  • ব্যক্তিগত/পি পি পি/আই এম চিৰ অধীনত আই টি আইৰ শিক্ষাৰ্থীসকলৰ বাবে নামভৰ্তি মাচুলৰ সমৰ্থন হিচাপে ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন গ্রাম্য আঁচনিৰ অধীনত জলপানিৰ ব্যৱস্থা।


জে এন ইউত শ্ৰীমন্ত শংকৰদেৱ আসন




  • শ্ৰীমন্ত শংকৰদেৱ আৰু ৰাজ্যৰ ভক্তি আন্দোলনৰ বিষয়ত ৰাজ্যৰ বাহিৰত অধ্যয়ন আৰু গৱেষণাক উৎসাহিত কৰিবলৈ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন স্থাপন কৰা হ'ব।


শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি




  • শ্বহীদসকলক শ্রদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে ২০২৩ৰ ১৯ মাৰ্চৰ দিনটোক ৰাজ্যৰ মাননীয় ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ দ্বাৰা নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ভ্ৰমণৰ দিন হিচাপে অনুমোদন প্রদান।


ক্রীড়া উৎকর্ষ কেন্দ্র




  • ক্রীড়া বিজ্ঞানৰ জৰিয়তে ৰাজ্যৰ ক্ৰীড়া সম্ভাৱনা বৃদ্ধিৰ হেতু আনুমানিক ২৩.৭৮ কোটি টকা ব্যয়সাপেক্ষ গুৱাহাটী আৰু যোৰহাটত উচ্চ প্ৰদৰ্শন ক্ৰীড়া প্রশিক্ষণ আৰু পুনঃসংস্থাপন কেন্দ্ৰ স্থাপন। প্ৰতিটো কেন্দ্ৰৰ বাৰ্ষিক কাৰ্যকৰী খৰচ হ'ব প্ৰায় ২.৪৯ কোটি টকা


অনিয়মিত কৰ্মচাৰীৰ বাৰ্ষিক বৃদ্ধি




  • ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীক প্ৰদান কৰা ধৰণে মাষ্টাৰবোল/বৰ্ক চার্জড/ অনিয়মিত আৰু একে শ্ৰেণীৰ কৰ্মচাৰীসকলৰ ৩% বাৰ্ষিক বৃদ্ধিৰ অনুদান। প্রথম বার্ষিক বৃদ্ধি ২০২৩ চনৰ ১ এপ্ৰিলত প্ৰদান কৰা হ'ব।


ক্রীড়া আন্তঃগাঁথনিৰ সুৰক্ষা




  • ৰাজহুৱা ক্রীড়া আন্তঃগাঁথনিৰ সঠিক ব্যৱস্থাপনা আৰু অবিবেচিতভাৱে লীজত দিয়াৰ ব্যৱস্থা বন্ধ কৰাৰ লক্ষ্যৰে অসম ক্রীড়া প্ৰাধিকৰণ আৰু অসম ক্রীড়া পৰিষদৰ অধীনত সম্পত্তি লীজ / ভাৰাত দিয়াৰ বাবে কেবিনেটৰ অনুমোদন প্রাপ্ত কৰাটো এতিয়া বাধ্যতামূলক।


বিদ্যালয়ত অতিৰিক্ত আন্তঃগাঁথনি




  • কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ বাবে প্রাথমিক বিদ্যালয় প্ৰকল্পৰ অতিৰিক্ত আন্তঃগাঁথনিৰ বাবে নাবার্ডৰ পৰা RIDF-XXVIII ৰ অধীনত অনুমোদিত ১,৬৩১টা প্ৰকল্পৰ বাবে ১০১ কোটি টকাৰ ঋণ গ্রহণ।

  • অনুমোদিত প্রকল্পসমূহৰ ভিতৰত আনুমানিক ১০০ কোটি টকা ব্যয়সাপেক্ষ ১,৫৭৩টা অতিৰিক্ত শ্ৰেণীকোঠা আৰু ৯৮.৮ লাখ টকা ব্যয়সাপেক্ষ ল'ৰাৰ ৫৮টা শৌচাগাৰ নিৰ্মাণ।


অসম মালা পথৰ প্ৰাক আৰু পূৰ্বৱৰ্তী নির্মাণকার্য




  • নির্মাণোত্তৰ পাঁচ বছৰীয়া প্ৰদৰ্শন-আধাৰিত তত্ত্বাৱধানৰ লগতে অসম মালা এছ অ' পি ডি ২০২২-২৩ৰ অধীনত নিডাৰ পথ বিকাশ আৰু উন্নীতকৰণৰ কামৰ বাবে ভূমি অধিগ্রহণকে ধৰি প্রাক-নিৰ্মাণ কাৰ্যপন্থাৰ বাবে অনুমোদন।


আকলনৰ ব্যৱস্থাসমূহ




  • ৰাজ্যৰ প্ৰত্যক্ষ ক্ৰয় নীতি গ্ৰহণ কৰি আঠটা পেকেজৰ বাবে ভূমি অধিগ্ৰহণ কৰা হ'ব

  • বৈদ্যুতিক খুঁটা, পানী যোগান লাইন আদি স্থানান্তৰ কৰাটো অসামৰিক কামৰ ঠিকাদাৰসকলৰ দ্বাৰা সম্পন্ন কৰিব লাগিব। পথৰ দাঁতিৰ গছ কটাৰ লগতে ক্ষতিপূৰ্ণমূলক বনানীকৰণ।

  • নির্মাণোত্তৰ প্ৰদৰ্শন-আধাৰিত ৫ বছৰৰ তত্ত্বাৱধান য'ত ঠিকাদাৰে সেৱাযোগ্য অৱস্থাত পথ আৰু দলংসমূহ ৰক্ষণাবেক্ষণ কৰিব।


ঠিকাভিত্তিক শিক্ষকৰ সেৱাক স্বীকৃতি প্রদান




  • উল্লেখনীয় সেৱা তথা শিক্ষা প্রদানেৰে বিদ্যালয়সমূহক গুণোৎসৱ ২০২২৩ গ্রেড এ+ প্রাপ্তিত সক্ষম কৰা অসম সৰ্বশিক্ষা অভিযান আৰু ৰাজ্যিক পুল শিক্ষকৰ অধীনস্থ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি প্ৰদৰ্শনভিত্তিক নিয়মীয়াকৰণত অনুমোদন আৰু গুণোৎসৱ ২০২২ৰ পৰা ক্রমাগত ২ বছৰলৈ ৰূপায়ণ।


ক্রীড়া প্ৰকল্পৰ পৰিচালনা




  • ক্রীড়া আন্তঃগাঁথনিৰ বিকাশৰ বাবে অসম ক্রীড়া প্ৰাধিকৰণ আৰু অসম ক্রীড়া পৰিষদৰ অধীনত ক্রীড়া আন্তঃগাঁথনিৰ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণত অনুমোদন (যদিহে কোনো ক্রীড়া সংস্থাৰ দ্বাৰা পৰিচালিত নহয়)

  • নিম্নলিখিত ক্রীড়া প্রকল্পসমূহ অসমৰ ক্ৰীড়া প্ৰাধিকৰণৰ অধীনত স্থাপন কৰা হ'ব –


ডিব্ৰুগড়ৰ খনিকৰত বহুমুখী ক্রীড়া প্রকল্প


উত্তৰ লখিমপুৰৰ ছাবতিত এথলেটিক ষ্টেডিয়াম, ক্রিকেট ষ্টেডিয়াম, ছুইমিং পুল, ইনড'ৰ ষ্টেডিয়াম, টেনিছ আৰু ভলীবল কোর্টেৰে সমৃদ্ধ ক্রীড়া প্রকল্প।


শুৱালকুছিৰ লক্ষ্মীনাথ খেলপথাৰত ফুটবল স্টেডিয়াম, ইনড'ৰ ষ্টেডিয়াম, লন টেনিছ কোটেৰে সমৃদ্ধ ক্রীড়া প্রকল্প।


১০খন জিলাত চৰকাৰী ভূমিত প্ৰতিখনতে ৫০ কোটি টকা ব্যয়েৰে আৰু কোনো ক্রীড়া সংস্থাৰ দ্বাৰা পৰিচালিত নোহোৱা ১০খন ষ্টেডিয়াম।


২৫ কোটি টকা আৰু তাতোধিক পুঁজিৰে ভৱিষ্যতৰ প্ৰকল্প


ইতিমধ্যে বিকশিত/বিকশিত কৰিবলগীয়া ষ্টেডিয়ামসমূহ অসম ক্রীড়া পৰিষদৰ অধীনত স্থাপন –


৪০টা বিধানসভা সমষ্টিত প্ৰতিখনতে ১২ কোটি টকাৰ পুঁজিৰে ৪০খন মিনি ষ্টেডিয়াম বিকশিত


উত্তৰণ, মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ আদি আঁচনিৰ অধীনত ৰাজ্যিক কোষাগাৰৰ পুঁজিৰে বিকশিত কৰা অন্যান্য ষ্টেডিয়াম, কোনো ক্রীড়া সংস্থাৰ দ্বাৰা পৰিচালিত নোহোৱা আৰু ২৫ কোটিতকৈ কম ব্যয়েসাপেক্ষ ষ্টেডিয়াম।


"মই আশা কৰোঁ এই সিদ্ধান্তসমূহে ৰাজ্যখনৰ প্ৰগতিত যথেষ্ট শক্তিশালী ভূমিকা গ্ৰহণ কৰিব।" বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি