বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ নিযুক্তি সমাৰোহ । এই সমাৰোহত ৪৪,৭০৩ গৰাকী যোগ্যতা সম্পন্ন যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তিপত্ৰ । ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ কাইলৈৰ এই অনুষ্ঠানৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ৷ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।
উল্লেখযোগ্য যে বহুকেইটা বিভাগত একেলগে হ'ব নিযুক্তি । তৃতীয় বৰ্গৰ ১১,০৪৮ গৰাকী, চতুৰ্থ বৰ্গৰ ১৩,৭৩৯ গৰাকী, অসম আৰক্ষীত ১২০৭৯ গৰাকী, স্বাস্থ্য বিভাগত ৫,২৮১ গৰাকী, আৰক্ষীৰ স্বহীদ পৰিয়ালৰ ২৩১ গৰাকী , LP-UP ত ৪,৪৩৭ গৰাকী, পৰিবহন বিভাগত ২২২ গৰাকী, সামাজিক ন্যায় সবলীকৰণ বিভাগত ৩৬৩ গৰাকীয়ে নিযুক্তি লাভ কৰিব । নিযুক্তিপত্ৰ লাভ কৰাৰ পাছত ১ জুনত যোগদান কৰিব লাগিব যুৱক যুৱতী সকলে ।
আনহাতে ১ জুনৰ পৰা ১৫ জুনৰ ভিতৰত যোগদান নকৰিলে চাকৰিৰ পৰা বঞ্চিত হ'ব যুৱক যুৱতীসকল । জুলাইত প্ৰকাশ হ'ব তৃতীয়, চতুৰ্থ বৰ্গৰ বাবে এখন অতিৰিক্ত তালিকা । আনহাতে পুনৰ ২২ হাজাৰ চাকৰিৰ বাবেও শীঘ্ৰে ওলাব বিজ্ঞাপন ।
মন কৰিবলগীয়া যে আজি বিয়লি ভাগৰে পৰা কাইলৈৰ অনুষ্ঠানটোৰ বাবে খানাপাৰাত আৰম্ভ কৰা হৈছে অখৰা । গৃহমন্ত্ৰীৰ আগমনৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তুলিছে আৰক্ষীয়ে ।
Published by: Gautam Barman
FIRST PUBLISHED : May 24, 2023, 23:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।