মুখ্যপৃষ্ঠা »খবৰ »অসম »Lovlina Borgohain : লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ DSP পদ প্ৰদান, পেৰিছ অলিম্পিক পৰ্যন্ত প্ৰতিমাহে চৰকাৰে দিব ১ লাখ টকাকৈ

Lovlina Borgohain : লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ DSP পদ প্ৰদান, পেৰিছ অলিম্পিক পৰ্যন্ত প্ৰতিমাহে চৰকাৰে দিব ১ লাখ টকাকৈ

গুৱাহাটীৰ এটা পথ লাভলীনা বৰগোহাঁইৰ নামেৰে নামকৰণ কৰা হ’ব।

গুৱাহাটীৰ এটা পথ লাভলীনা বৰগোহাঁইৰ নামেৰে নামকৰণ কৰা হ’ব।

  • Share this:
টকিঅ’ অলিম্পিকত পদক লাভেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ DSP পদ প্ৰদান। পেৰিছ অলিম্পিক পৰ্যন্ত প্ৰতিমাহে লাভলীনা বৰগোহাঁইক চৰকাৰে দিব এক লাখ টকাকৈ। এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটীৰ এটা পথ লাভলীনা বৰগোহাঁইৰ নামেৰে নামকৰণ কৰা হ’ব। লাভলীনাৰ নামত সৰুপথাৰত ষ্টেডিয়াম নিৰ্মাণ কৰিব চৰকাৰে। লগতে লাভলীনা বৰগোহাঁইৰ চাৰিগৰাকী প্ৰশিক্ষকক ১০ লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে।

আজি গুৱাহাটীলৈ অহা লাভলীনা বৰগোহাঁইক ৰাজ্য চৰকাৰৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ৰাজ্য চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বৰগোহাঁইক প্ৰদান কৰিলে এক কোটি টকাৰ চেক।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি