
গুৱাহাটীত সফল সামৰনি পৰিল ৰাষ্ট্ৰীয় ছিনিয়ৰ একুৱেটিক চেম্পিয়নশ্বিপ। বিশেষভাৱে উজলি উঠিছে দুই তাৰকা খেলুৱৈ আস্থা চৌধুৰী আৰু শিৱাংগী শৰ্মা।
গুৱাহাটীত সফল সামৰনি পৰিল ৰাষ্ট্ৰীয় ছিনিয়ৰ একুৱেটিক চেম্পিয়নশ্বিপ। বিশেষভাৱে উজলি উঠিছে দুই তাৰকা খেলুৱৈ আস্থা চৌধুৰী আৰু শিৱাংগী শৰ্মা।
গুৱাহাটীত সফল ভাৱে সামৰনি পৰিল ৭৫ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ একুৱেটিক চেম্পিয়নশ্বিপ ২০২২। গুৱাহাটীৰ সৰু সজাইৰ ড: জাকিৰ হুছেইন একুৱেটিক চেন্টাৰত অনুষ্ঠিত দেশৰ আটাইতকৈ সম্মানীয় সাতোৰ প্ৰতিযোগিতাখনত উজলি উঠিছে অসমৰ কেইবাজনো খেলুৱৈ। বিশেষভাৱে উজলি উঠিছে দুই তাৰকা খেলুৱৈ আস্থা চৌধুৰী আৰু শিৱাংগী শৰ্মা।
অসমৰ ৰাষ্ট্ৰীয় সাতোৰবিদ বিক্ৰম চাংমা আৰু ভাৰ্গৱ ফুকনো তুলনামূলকভাৱে সফল হৈছে। বাটাৰফ্লাইত আস্থা চৌধুৰী আৰু ফ্ৰিষ্টাইলত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি অসমৰ বাবে স্বৰ্ণপদক জয় কৰে আস্থা আৰু শিৱাংগী য়ে। দুয়োগৰাকী সফল খেলুৱৈকে অসম সাতোৰ সন্থাৰ সাঃ সম্পাদক ভাস্কৰ দাসৰ লগতে অন্যান্য বিষয়ববীয়া সকলে অভিনন্দন জ্ঞাপন কৰে। খেলৰ শেষত বঁটা সমুহ বিতৰন কৰে অসম চৰকাৰৰ ছাত্ৰ ক্ৰীড়া কল্যান উপদেষ্টা পৰিষদৰ সদস্য সচিৱ গীতাৰ্থ গোস্বামী আৰু মিষ্টাৰ ইন্ডিয়া বিজিত গগৈয়ে। উল্লেখযোগ্য যে আস্থা আৰু শিৱাংগীৰ পৰৱৰ্তী লক্ষ্য হ'ল চলিত মাহৰ গুজৰাটৰ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ স্বৰ্ণপদক। তাৰ পিছত দুয়োগৰাকী খেলুৱৈয়ে এছিয়ান গেমছৰ বাবে চেষ্টা চলাব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|