সমগ্ৰ ৰাজ্যত এতিয়া ৰাজ্যসভা নিৰ্বাচন (Rajyasabha Election)ৰ চৰ্চা। কংগ্ৰেছ-বিজেপি-AIUDFৰ চৌদিশে ঘূৰিছে ৰাজ্যসভা নিৰ্বাচনৰ চক্ৰ। এখন আসনত শাসকীয় বিজেপি (BJP)ৰ বিজয় নিশ্চিত যদিও দ্বিতীয়খন আসনতো বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰি আহিছে বিজেপিয়ে। কংগ্ৰেছ-AIUDFৰ মাজত অবিশ্বাসৰ এক বাতাবৰণ শেষমুহূৰ্তলৈ বিৰাজ কৰি আছে। চাও আহক ৰাজ্যসভা নিৰ্বাচনৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ।
১. ৰাজ্যসভাত খালী হোৱা অসমৰ ২খন আসনৰ বাবে হ'ব নিৰ্বাচন। পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ হ'ব আৰু তাৰ পিছতে ভোটগণনা কৰা হ'ব।
২. বিজেপিয়ে এখন আসনত পবিত্ৰ মাৰ্ঘেৰিটাক আৰু দ্বিতীয়খন আসনত মিত্ৰদল UPPLৰ ৰৌণগৌড়া নাৰ্জাৰীক প্ৰাৰ্থীত্ব দিছে।
৩. বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হৈছে কংগ্ৰেছ (Congress) দলৰ ৰিপুণ বৰা (Ripun Bora).
৪. বিজেপিৰ প্ৰথমখন আসনত বিজয় নিশ্চিত, কিন্তু দ্বিতীয়খন আসন জয়ৰ বাবে লাগিব দুজন বিৰোধী শিবিৰৰ বিধায়কৰ ভোট।
৫. বিৰোধীৰ বিধায়কে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব বুলি অভিযোগ-প্ৰতিঅভিযোগৰ তুমুল ৰণ আৰম্ভ কংগ্ৰেছ-AIUDFৰ মাজত।
৬. APCCৰ সভাপতি ভূপেন বৰাই পোনপটীয়াকৈ অভিযোগ কৰে যে AIUDFৰ ৫ বিধায়কক বদৰুদ্দিন আজমলে (Badaruddin Ajmal) বিক্ৰী কৰিছে। আনহাতে AIUDFৰ অভিযোগ ৰিপুণ বৰাৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংসৰ বাবেই ভূপেন বৰাই ষড়যন্ত্ৰ কৰিছে।
৭. ৰিপুণ বৰাক বিজয়ৰ বাবে লাগে ৪২জন বিধায়কৰ ভোট। কংগ্ৰেছে দাবী কৰা মতে ৰিপুণ বৰাৰ পক্ষত আছে কংগ্ৰেছৰ ২৬টা, ৰাইজৰ দলৰ অখিল গগৈ (Akhil Gogoi) আৰু চিপিআইএম (CPIM)ৰ মনোৰঞ্জন তালুকদাৰৰ একোটা ভোটক ধৰি ২৮টা নিশ্চিত ভোট। AIUDFএও স্পষ্টকৈ কৈছে যে দলটোৰ ১৫টা ভোট ৰিপুণ বৰাই পোৱাটো নিশ্চিত।
৮. কংগ্ৰেছ দলে নিৰ্বাচনৰ দিনটোৰ বাবে দলৰ থ্ৰী-লাইন হুইপ (Three Line Whip) জাৰী কৰিছে। উল্লেখ্য যে ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসক কংগ্ৰেছ দলে নিলম্বিত কৰি থৈছে।
৯. AIUDF দলেও থ্ৰী-লাইন হুইপ জাৰী কৰিছে দলৰ বিধায়কসকলৰ বাবে। প্ৰথমে বদৰুদ্দিন আজমলে হুইপ জাৰী কৰাৰ প্ৰয়োজন নাই বুলি ঘোষণা কৰিছিল।
১০. এজেণ্ট ঘোষণাক লৈ কংগ্ৰেছ-AIUDFৰ মাজত তীব্ৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত থাকে। AIUDF দলে বিধায়ক নজৰুল হকক এজেণ্ট দিয়াৰ বিপৰীতে কংগ্ৰেছে শেষ মুহূৰ্তলৈ গোপনে ৰাখিছে এজেণ্টৰ নাম। উল্লেখ্য যে এজেণ্ট হৈছে সেইজন লোক যিজনক বিধায়কসকলে নিজৰ বেলট পেপাৰ দেখুৱাব লাগে। বিধায়কজনে কাক ভোট দিছে সেইটো কেৱল এজেণ্টজনেহে চাব পাৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : March 30, 2022, 23:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।