মুখ্যপৃষ্ঠা »খবৰ »অসম »ব্ৰিটিছ পাঠদানৰ আৰ্হিত পাঠদান ! ইংৰাজী ভাষাৰ প্ৰতি শিক্ষাৰ্থীৰ মাজত থকা হীনমন্যতা দূৰ কৰাৰ বাবে বিশেষ পদক্ষেপ ...

ব্ৰিটিছ পাঠদানৰ আৰ্হিত পাঠদান ! ইংৰাজী ভাষাৰ প্ৰতি শিক্ষাৰ্থীৰ মাজত থকা হীনমন্যতা দূৰ কৰাৰ বাবে বিশেষ পদক্ষেপ ...

ৰাজ্যৰ ৬ বিদ্যালয়ত আৰম্ভ 'পাইলট প্ৰজেক্ট'। ইংৰাজী বিষয়ত মাতৃভাষা মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত থকা আসোঁৱাহ সমূহ দূৰ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

  • Share this:
গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়ত মাতৃভাষা মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত থকা আসোঁৱাহ সমূহ দূৰ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আহিছে ৰাজ্য চৰকাৰে।

এইবাৰ ইংৰাজী ভাষাৰ প্ৰতি শিক্ষাৰ্থীৰ মাজত থকা হীনমান্যতা দূৰ কৰাৰ বাবে ব্ৰিটিছ পাঠ্যপুথিৰ আধাৰত আৰম্ভ কৰিছে পাঠদান।ইতিমধ্যে আৰম্ভ হৈছে ইয়াৰ পাইলট প্ৰজেক্টৰ কাম।গীতানগৰ হাইস্কুলকে ধৰি মহানগৰীৰ আন পাঁচখন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ হৈছে পাইলট প্ৰজেক্টৰ কাম। এই ছয়খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ব্ৰিটিছ পাঠ্যক্ৰমৰ আধাৰত পাঠদান দিয়াৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছে শিক্ষক-শিক্ষয়ত্ৰী সকলক। Zolly Phoenix  নামৰ ব্ৰিটিছ কোম্পানীয়ে মোবাইলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক ইংৰাজী শব্দৰ উচ্চৰণ আদিৰ ক্ষেত্ৰত সহায় কৰি আহিছে।পাইলট প্ৰজেক্টৰ সমাপ্তৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হ'ব এই পাঠদান। এই পাঠ্যক্ৰমৰ জৰিয়তে ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে ফেৰ মাৰিব পাৰিব অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে। ইয়াৰ পূৰ্বে,গণিত আৰু বিজ্ঞান বিষয় কেইটা বুজা আৰু শিকাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিল ৰাজ্যৰ শিক্ষা বিভাগে। আনহাতে, ব্ৰিটিছ পদ্ধতিৰ শিক্ষা ব্যৱস্থা পৰৱৰ্তী সময়ত আন আন শ্ৰেণীলৈ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি,গুণোৎসৱৰ জৰিয়তে ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰত মান উন্নত কৰাৰ বাবে শিক্ষসকলক গ্ৰেডিঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি