হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন নীতি ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত মুখ খুলিছে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে। মূল্যায়ন নীতিক লৈ একাংশ লোকে বিভ্ৰান্তিৰ সৃ্ষ্টি কৰিব বিচৰা বুলি ছচিয়েল মিডিয়াত মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
মন্ত্ৰী ৰণোজ পেগুৱে লিখিছে, "একাংশ লোকে হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন সন্দৰ্ভত বিভ্ৰান্তি সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। অতিমাৰীৰ ফলত আমি এই মূল্যায়ন পদ্ধতি গ্ৰহণ কৰিবলগীয়া হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যৱান শিক্ষাবৰ্ষ নষ্ট নহয়।"
আনহাতে 'ফলাফল পাব, চাকৰি নাপাব' বুলি যি প্ৰতিক্ৰিয়া হৈছে সেই সন্দৰ্ভত মন্ত্ৰী পেগুৱে কৈছে যে আইনী বাধ্যবাধকতাৰ আশংকা কৰি চৰকাৰে এই পন্থা অৱলম্বন কৰিবলগীয়া হৈছে। তেওঁ লিখিছে, "ৰাজ্য চৰকাৰৰ যিসমূহ চাকৰিৰ বাবে যোগ্যতা নিৰূপণৰ বাবে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ নম্বৰ ধৰা হয়, তাৰ বাবেহে বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। কিছু আইনী বাধ্যবাধকতা আশংকা কৰি এই পন্থা অৱলম্বন কৰিবলগীয়া হৈছে।"
Published by: Manjumoni Borah
FIRST PUBLISHED : July 02, 2021, 21:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।