আজি ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে ঘোষণা কৰে স্বচ্ছ সৰ্বেক্ষণ ২০২১ (Swachha Survekshan 2021) বঁটা । এইবাৰ মধ্য প্ৰদেশৰ ইন্দোৰে (Indore) দেশৰ সবাতোকৈ পৰিষ্কাৰ চহৰ (Cleanest City)ৰ সন্মান লাভ কৰাৰ বিপৰীতে চট্টিশগড়ে (Chattishgarh) সবাতোকৈ পৰিষ্কাৰ ৰাজ্য (Cleanest State) ৰ স্বীকৃতি লাভ কৰিছে ।
কেন্দ্ৰীয় নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ে পৰিচালনা কৰা জৰীপৰ ভিত্তিত দিয়ে হয় এই বঁটা । ২০১৬ চনৰ পৰা আৰম্ভ কৰা হৈছিল এই বঁটা প্ৰদান প্ৰক্ৰিয়া । জৰীপ অনুযায়ী দেশৰ দ্বিতীয়খন পৰিষ্কাৰ চহৰ হৈছে গুজৰাটৰ চুৰাট । তৃতীয় স্থানত আছে অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়া । উল্লেখযোগ্য যোৱা ৫ বছৰ ধৰি লানি নিছিগাকৈ পৰিচ্ছন্নতাৰ দিশত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ইন্দোৰে ।
ৰাষ্ট্ৰপতিৰ আজি ঘোষিত এই সূচাংকত অসম (Assam)ৰ লগতে উত্তৰ পূৱৰ ৰাজ্য সমূহৰ প্রদর্শন শোচনীয় । জৰীপত দেশৰ সৰ্বমুঠ ৪৩২০খন চহৰ সাঙুৰি লোৱা হৈছিল । ইয়াৰ ভিতৰত গুৱাহাটীয়ে ১৬৫২.৫৩ নম্বৰৰে (Dirty City) ২৭০২নং স্থান লাভ কৰিছে । ডিব্রুগড়ৰ স্থান ২৬৮৯ সংখ্যক । ৩১১৮নং স্থানত যোৰহাট । শিলচৰৰ স্থান ৩৪৬৪ সংখ্যক । সচৰাচৰ পৰিষ্কাৰ বুলি জনাজাত শ্বিলঙৰ স্থান আৰু শোচনীয় । মেঘালয়ৰ ৰাজধানী চহৰখনৰ স্থান ৪০৮০সংখ্যক ।
ৰাজ্যিক স্তৰতো অসমৰ প্ৰদৰ্শন লেখত ল’বলগীয়া নাছিল । ৪১৭৫ নম্বৰৰ সৈতে চট্টিশগড় শীর্ষত থকাৰ বিপৰীতে অসমে ৯৫০ নম্বৰেৰে ২১তম স্থান দখল কৰিছে (Dirty State)। ২২৫ নম্বৰেৰে তালিকাৰ একেবাৰে তলত আছে মেঘালয় ।
অৱশ্যে জৰীপটোত উত্তৰ পূৱৰ কাৰণে সুকীয়া এটা শিতান মুকলি কৰা হৈছে । উত্তৰ পূৱৰ আন ৰাজ্যৰ তুলনাত অসমৰ প্ৰদৰ্শন কিছু উন্নত । উত্তৰ পূৱৰ ১ লক্ষৰ ওপৰৰ জনসংখ্যাৰ সবাতোকৈ পৰিষ্কাৰ চহৰ হৈছে তেজপুৰ । দ্বিতীয় স্থানত আছে মিজোৰামৰ লুংলেই । তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে বঙাইগাঁও, যোৰহাট আৰু তিনিচুকীয়া । ৫০হাজাৰৰ পৰা ১লক্ষ জনসংখ্যাৰ চহৰৰ শিতানত শীর্ষত আছে গোলাঘাট, দ্বিতীয় স্থানত মণিপুৰৰ কাকছিং । তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে হাইলাকান্দি, কোকৰাঝাৰ আৰু হাফলং ।
Published by: Manjumoni Borah
FIRST PUBLISHED : November 20, 2021, 17:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।