মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Paper Leak | প্ৰশ্নকাকত ফাদিলক লৈ DGPৰ সংবাদমেল, কেনেকৈ ফাদিল হৈছিল প্ৰশ্নকাকত? কোনে প্ৰচাৰ কৰিছিল WhatsAppত?

HSLC Paper Leak | প্ৰশ্নকাকত ফাদিলক লৈ DGPৰ সংবাদমেল, কেনেকৈ ফাদিল হৈছিল প্ৰশ্নকাকত? কোনে প্ৰচাৰ কৰিছিল WhatsAppত?

প্ৰণৱ দত্তই কুমুদ ৰাজখোৱাক ৫ হাজাৰ বিনিময়ত প্ৰশ্নকাকত দিছিল বুলি উল্লেখ কৰে জি পি সিঙে। তেওঁ কয় জেৰা কালত প্ৰণৱ দত্তই অসমীয়া প্ৰশ্ন কাকত ৰাজখোৱাক দিছিল।

প্ৰণৱ দত্তই কুমুদ ৰাজখোৱাক ৫ হাজাৰ বিনিময়ত প্ৰশ্নকাকত দিছিল বুলি উল্লেখ কৰে জি পি সিঙে। তেওঁ কয় জেৰা কালত প্ৰণৱ দত্তই অসমীয়া প্ৰশ্ন কাকত ৰাজখোৱাক দিছিল।

প্ৰণৱ দত্তই কুমুদ ৰাজখোৱাক ৫ হাজাৰ বিনিময়ত প্ৰশ্নকাকত দিছিল বুলি উল্লেখ কৰে জি পি সিঙে। তেওঁ কয় জেৰা কালত প্ৰণৱ দত্তই অসমীয়া প্ৰশ্ন কাকত ৰাজখোৱাক দিছিল।

  • Share this:
প্ৰশ্নকাকত ফাদিলক লৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ সংবাদমেলত (HSLC Paper Leak)। সংবাদমেলত ডিজিপি জি পি সিঙে (GP Singh) কয়, ‘‘১২ তাৰিখে তথ্য লাভ কৰি অনুসন্ধান আৰম্ভ কৰিলে আৰক্ষীয়ে। প্ৰথমতে তথ্য পালো উজনিৰ ৪/৫ জিলাত প্ৰশ্ন কাকত ফাদিলৰ। সকলো জিলাৰ চেণ্টাৰ ইনচাৰ্জক মাতি থানাত থকা প্ৰশ্নকাকতসমূহ জব্দ কৰে। ১৩ তাৰিখে চিআইডিত গোচৰ ৰুজু কৰা হয়। দিশপুৰ থানাত থকা প্ৰশ্নকাকতৰ টোপোলা নাইকীয়া হোৱাৰ তথ্য লাভ কৰে আৰক্ষীয়ে। চেণ্টাৰ ইনচাৰ্জসহ লগত থকা তিনিজনক গ্ৰেপ্তাৰ কৰে।’৸’৸

‘‘প্ৰথম ২৪ ঘণ্টাত পোৱা তথ্য মতে ১৪জন ছাত্ৰ আৰু আন লোকে প্ৰশ্নকাকত লাভ কৰিছিল। প্ৰশ্নকাকত কোনে কোনে লাভ কৰিছিল তাৰ এটা চেইন বনোৱা হৈছিল। যিবোৰ লোকে প্ৰশ্নকাকত বিতৰণ কৰিছিল আৰু গ্ৰহণ কৰিছিল তেনে ২২জনক গ্ৰেপ্তাৰ কৰা হ’ল।’’ – ক’লে জি পি সিঙে।

সংবাদ মেলত সঞ্চালকপ্ৰধানগৰাকীয়ে কয়, ধেমাজি, লক্ষিমপুৰ, মাজুলী, ডিব্ৰুগড়, তিনিচুকীয়াৰ এছ পিৰ লগত আলোচনা কৰা হ’ল। আলোচনাৰ অন্তত এটা লিংক পোৱা গ’ল। কুমুদ ৰাজখোৱা শিক্ষকৰ নাম পোহৰলৈ আহিল। পুৱা নিশ্চিত হ’ল কুমুদ ৰাজখোৱাই প্ৰশ্ন কাকত লিক কৰিছিল। প্ৰসন্ন দাস আৰু প্ৰণৱ দত্ত সহযোগী আছিল।

প্ৰণৱ দত্তই কুমুদ ৰাজখোৱাক ৫ হাজাৰ বিনিময়ত প্ৰশ্নকাকত দিছিল বুলি উল্লেখ কৰে জি পি সিঙে। তেওঁ কয় জেৰা কালত প্ৰণৱ দত্তই অসমীয়া প্ৰশ্ন কাকত ৰাজখোৱাক দিছিল। প্ৰশ্নকাকত ফাদিলৰ তদন্ত আৰম্ভ হোৱা গম পাই ৰাজখোৱাই অসমীয়া প্ৰশ্নকাকত জ্বলাই দিছিল বুলি ভাষ্য দিছিল। আৰক্ষীয়ে অসমীয়া প্ৰশ্নকাকত তথ্য মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক দিয়ে। ৰাজখোৱাৰ ভাড়াৰঘৰৰ চৌহদত আধাপোৰা অৱস্থাত সাধাৰণ বিজ্ঞান আৰু অসমীয়া প্ৰশ্নকাকত উদ্ধাৰ কৰে আৰক্ষীয়ে।

ডিজিপিয়ে কয়, ছেবাই সকলো চেণ্টাৰলৈ প্ৰশ্নকাকত পঠায় আৰু আৰক্ষী থানত প্ৰশ্নকাকত ৰখা হয়। ২৯টা ছেট ছেবাই পঠাইছিল কিন্তু প্ৰণৱ দত্তই ২৮ ছেট পোৱা বুলিহে ৰেজিষ্টাৰ কৰিছিল। কুমুদ ৰাজখোৱাই প্ৰশ্নকাকত লাভ কৰাৰ পিছত নিজৰ বিদ্যালয়ৰ WhatsApp গ্ৰুপত প্ৰচাৰ কৰিছিল। তাৰ পিছতে কিছুলোকক অনলাইনযোগে ধন লৈ প্ৰশ্নকাকত দিছিল। সকলো অনলাইন পেমেণ্ট এপৰ পৰা তথ্য বিচাৰিছে আৰক্ষীয়ে। নাবালক ছাত্ৰক গ্ৰেপ্তাৰ নকৰা হ’লে প্ৰশ্নকাকত ফাদিলৰ চেইন নোলালহেঁতেন বুলিও কয় জি পি সিঙে।

আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয়, ২৭জনক গ্ৰেপ্তাৰ কৰা হৈছে, ইয়াৰে ১৩ গৰাকী নাবালক। আৰু চাৰিজনক আটক কৰা হৈছে। গ্ৰেপ্তাৰ কৰি চিআইডিলৈ অনা হ’ব। সময়মতে চাৰ্জশ্বিট দিব। মূল অভিযুক্ত কুমুদ ৰাজখোৱা পলাতক অৱস্থাত আছে। আৰক্ষীয়ে কুমুদ ৰাজখোৱাক নিজে নিজে থানাত হাজিৰ হ’বলৈ আহ্বন জনাইছে। নহ’লে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’ব।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি