আজি অৱসৰ গ্ৰহণ কৰিলে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীৰ বিদায় উপলক্ষে চতুৰ্থ অসম আৰক্ষী বেটেলিয়নত আয়োজন কৰা হয় এক বিদায়ী পেৰেডৰ। ভাস্কৰজ্যোতি মহন্তৰ পিছত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব আই পি এছ বিষয়া জি পি সিঙে।
অনুষ্ঠানত পেৰেডত অংশ লোৱা প্ৰতিগৰাকী আৰক্ষীলৈ অভিনন্দন জ্ঞাপন কৰে ভাস্কৰজ্যোতি মহন্তই। নিজৰ ভাষণত মহন্তই কয়, আৰক্ষীত কাম কৰাসকলে কেৱল এটা চাকৰিয়েই নকৰে, ই এটা সেৱা। অসম আৰক্ষীক সদায় মই ছেল্যুট জনাই যাম।
জি পি সিং সন্দৰ্ভত ভাস্কৰজ্যোতি মহন্তই কয়, ‘‘জি পি সিঙৰ সৈতে মই বহু পূৰ্বৰে পৰা অসমৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আলোচনা কৰিছো। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতেই আমাৰ মাজত এটা মনিকাঞ্চন সংযোগ সৃষ্টি হ'ল৷’’
‘‘সমগ্ৰ ভাৰতত তেলেংগানাৰ দৰে আমাৰ আৰক্ষীও নম্বৰ ১ আৰক্ষী হ'ব৷ কোনেও ৰোধিব নোৱাৰে৷ কাৰিকৰী দিশত আমাৰ আৰক্ষীক আগবঢ়াই নিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছো।’’ – ক’লে মহন্তই।
নতুন DGPৰ মনত অসমক সেৱা কৰা মনোবৃত্তি আছে বুলি উল্লেখ কৰি ভাস্কৰজ্যোতি মহন্তই প্ৰতিগৰাকী আৰক্ষীলৈ নতুন DGPক সহযোগ কৰিবলৈ অনুৰোধ জনায়। সাংবাদিক তথা অসমৰ ৰাইজকো কৃতজ্ঞতা জ্ঞাপন কৰে DGP ভাস্কৰজ্যোতি মহন্তই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 31, 2023, 16:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|