মুখ্যপৃষ্ঠা »খবৰ »অসম »অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব ল'লে জি পি সিঙে ! দায়িত্ব লৈ কি ক'লে সংবাদ মাধ্যমৰ আগত ?

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব ল'লে জি পি সিঙে ! দায়িত্ব লৈ কি ক'লে সংবাদ মাধ্যমৰ আগত ?

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত অৱসৰ প্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পৰা দায়িত্ব গ্ৰহণ নতুন সঞ্চালক প্ৰধান জি পি সিঙৰ ৷ উলুবাৰীৰ মুখ্য কাৰ্যালয়ত গ্ৰহণ কৰিলে দায়িত্বভাৰ ৷

  • Share this:
অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত অৱসৰ প্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পৰা দায়িত্ব গ্ৰহণ নতুন সঞ্চালক প্ৰধান জি পি সিঙৰ ৷ উলুবাৰীৰ মুখ্য কাৰ্যালয়ত গ্ৰহণ কৰিলে দায়িত্বভাৰ ৷

দায়িত্ব লৈ সংবাদ মাধ্যমৰ সন্মুখত সম্বোধন জি পি সিঙৰ ৷ আজিৰ পৰা সঞ্চালক প্ৰধান হিচাপে অসমৰ ৰাইজৰ হৈ কাম কৰিম ৷ ৰাজ্য চৰকাৰে অৰ্পণ কৰা দায়িত্ব আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰিছো ৷ অসম আৰক্ষীৰ প্ৰতিগৰাকী লোকে যাতে সন্মান সহকাৰে ৰাইজৰ হৈ কাম কৰিব পাৰে তাৰ ব্যৱস্থা কৰিম ৷ অৱসৰ প্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক কৃতজ্ঞতা জ্ঞাপন কৰে নতুন সঞ্চালক প্ৰধানগৰাকীয়ে ৷ তেখেতৰ আধৰুৱা কামসমূহ মই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম বুলিও উল্লেখ কৰে ৷

নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানক উদ্দেশ্যি অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধানৰ মন্তব্য তেখেতৰ দেশ প্ৰেম অটুট ৷ ৰাইজৰ হৈ সততা আৰু দৃঢ়তাৰে কাম কৰিব বুলি বিশ্বাস আছে ৷ নিশ্চয়কৈ ভাল কাম কৰিব সঞ্চালক প্ৰধানে ৷

জিলা পৰ্যায়ৰ পৰা আৰক্ষীৰ শীৰ্ষ পৰ্যায়লৈ যাতে জনসাধাৰণে সৈতে সঘনে আৰক্ষী যোগাযোগ থাকে তাৰ  ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য ৷ ইয়াৰ বাবে প্ৰতিদিনে দিনৰ ১১ বজাৰ পৰা ১, ২ বজালৈ প্ৰতিটো কাৰ্য্যলয়ত উপস্থিত থাকিব শীৰ্ষ বিষয়া ৷ বুজ ল'ব জনসাধাৰণৰ সা সমস্যাj ৷ কৰ্মৰত মহিলা আৰক্ষী সকলৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ কথা ৷ কৰ্তব্যৰত অৱস্থাত মহিলাসকলে প্ৰস্ৰাৱগাৰৰ অসুবিধাৰ সন্মুখীন হয় ৷ যাৰবাবে এই সমস্যা দূৰীকৰণ পদক্ষেপ লোৱাৰ কথা কয় সঞ্চালক প্ৰধানগৰাকীয়ে ৷ ডিজিটেল ডাটা প্ৰদানৰ বাবে অধিক গুৰুত্ব প্ৰদান, যাতে জনসাধাৰণে সহজে সুবিধা সমূহ লাভ কৰিব পাৰে ৷

এইমূহূৰ্তত নতুন বিশেষ প্ৰকল্প ল'ব বিচৰা নাই সঞ্চালক প্ৰধানে ৷ বিপৰীতে পুৰণি অৰ্থাৎ ডেৰ বছৰত লোৱা কাম সম্পন্ন কৰাৰ লক্ষ্য ৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে অসম আৰক্ষীৰ পৰা কোনো লোকে যাতে বেয়া ব্যৱহাৰ নাপায় তাৰ ব্যৱস্থা কৰাৰ কথা সঞ্চালক প্ৰধানৰ ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি