অসম ক্ৰিকেট সন্থাই (ACA) অজয় ৰাট্ৰাকে পুনৰ অসম ছিনিয়ৰ ক্ৰিকেট দলৰ (Assam Cricket Team) প্ৰশিক্ষকৰ দায়িত্ব অৰ্পণ কৰিছে। বিগত দুটা বর্ষৰ অসমৰ ছিনিয়ৰ দলৰ প্ৰশিক্ষক অজয় ৰাট্ৰাকে যদি পুনৰ একেটা পদত বাহাল ৰাখে তেন্তে ছিনিয়ৰৰ প্ৰশিক্ষকৰ পদত বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ যুক্তি নাছিল বুলি ক্ষোভ প্ৰকাশ কৰে পদটোৰ বাবে আবেদন জনোৱা কেইবাজনো খেলুৱৈয়ে।
উল্লেখযোগ্য যে অসমৰ ছিনিয়ৰ দলৰ প্ৰশিক্ষক পদটোৰ বাবে টীম ইন্ডিয়াৰ কেইবাজনো প্ৰাক্তন খেলুৱৈয়ে আৱেদন জনাই অন লাইন আৰু অফ লাইন ইন্টাৰভিউত অৱতীৰ্ণ হৈছিল। বহুদিনৰ মূৰত অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা সংবাদমেলতে ১৮ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হবলগীয়া অসম টী-২০ চেলেঞ্জাৰ ট্ৰফী প্ৰতিযোগিতাৰ সবিশেষ জনায়। জজ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত বৰাক, মানস, ব্ৰহ্মপুত্ৰ, দিহিং পাটকাই,কাজিৰঙা, সোৱণশিৰি নামেৰে দল গঠন কৰিছে। ৬ টা দলৰ মাজত ৩৩ খন খেল অনুষ্ঠিত হ'ব। একেখন সংবাদ মেলতে মুষ্টাক আলী খেলৰ দায়িত্ব পোৱা, অসমৰ অন্যান্য দলৰ প্ৰশিক্ষকৰ নাম ঘোষণাৰ লগতে আই পি এলৰ বাবে এটা ভ্যেনুৰ কথা জনাই ACAৰ সম্পাদক দেৱজিৎ শইকীয়াই।
Published by: Kokil Sarma
FIRST PUBLISHED : September 11, 2021, 00:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।