শুকুৰবাৰে অসমত ৪০৭৮জন লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হয়। দিনটোত ৪৪,০৫৭ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল। আক্ৰান্তৰ হাৰ হৈছে ৯.২৬ শতাংশ।
বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৭৬ জন লোকৰ মৃত্যু হয়। সম্প্ৰতি ৰাজ্যৰ সুস্থতাৰ হাৰ হৈছে ৮৫.৮০ শতাংশ। আজিৰ দিনটোত সৰ্বাধিক ১১০৭ জন কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হয়।
Published by: Kokil Sarma
FIRST PUBLISHED : May 14, 2021, 20:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|