মুখ্যপৃষ্ঠা »খবৰ »অসম »গাদীচ্যুৎ হ'লেই ঘটে নেকি ধৈৰ্যচ্যুতি ! ছবছৰত বাঘা বাঘা কংগ্ৰেছীৰ দল ত্যাগ ...

গাদীচ্যুৎ হ'লেই ঘটে নেকি ধৈৰ্যচ্যুতি ! ছবছৰত বাঘা বাঘা কংগ্ৰেছীৰ দল ত্যাগ ...

প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোতেই লগত ৯জনকৈ বিধায়কক লৈ বিজেপিলৈ আহিছিল হিমন্ত বিশ্ব শৰ্মা ৷ দিছপুৰত তেতিয়া চৰকাৰ নাছিল বিজেপিৰ ৷ কিন্তু দিছপুৰৰ পৰা গাদীচ্যুৎ হোৱাৰ পিছতে ধৈৰ্যচ্যুতি ঘটিল বহু কংগ্ৰেছীৰ ৷

প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোতেই লগত ৯জনকৈ বিধায়কক লৈ বিজেপিলৈ আহিছিল হিমন্ত বিশ্ব শৰ্মা ৷ দিছপুৰত তেতিয়া চৰকাৰ নাছিল বিজেপিৰ ৷ কিন্তু দিছপুৰৰ পৰা গাদীচ্যুৎ হোৱাৰ পিছতে ধৈৰ্যচ্যুতি ঘটিল বহু কংগ্ৰেছীৰ ৷

  • Share this:
প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোতেই লগত ৯জনকৈ বিধায়কক লৈ বিজেপিলৈ আহিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সেয়া আছিল সুকীয়া কথা, দিছপুৰত তেতিয়া চৰকাৰ নাছিল বিজেপিৰ ৷ কিন্তু দিছপুৰৰ পৰা গাদীচ্যুৎ হোৱাৰ পিছতে ধৈৰ্যচ্যুতি ঘটিল কংগ্ৰেছীৰ ৷ নিৰন্তৰভাৱে কংগ্ৰেছ এৰিয়েই আছে ইজনৰ পিছত সিজনে ৷ ৰাজনীতিত অৱশ্যেই সকলো সম্ভৱ ৷

দিছপুৰত ১৫বছৰ একে লেঠাৰিয়ে শাসনৰ বাঘজৰী ধৰি ৰখা কংগ্ৰেছ ২০১৬ত হৈছিল গাদীচ্যুৎ ৷ ঠিক তেতিয়াৰ পৰাই ইজনৰ পিছত সিজন বাঘা বাঘা কংগ্ৰেছীয়ে দল ত্যাগ কৰাৰ জোৱাৰ উঠা আৰম্ভ হ'ল ৷ যেন সকলোৰে গাদীত থকাৰহে মন ! প্ৰথমে আহো অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতালৈ ৷ এই গৰাকী প্ৰাক্তন কংগ্ৰেছী বৰ্তমান বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ৷ কংগ্ৰেছ ত্যাগ কৰিলে বৰাকৰ তিনি প্ৰতাপী নেতাই ৷ বৰাকৰ ৰজাখ্যাত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়, লক্ষিপুৰৰ প্ৰাক্তন বিধায়ক ৰাজদ্বীপ গোৱালাৰ ঠিকনা এতিয়া গেৰুৱা শিবিৰ ৷ বৰাক তথা কংগ্ৰেছৰ আন এগৰাকী প্ৰভাৱশালী নেতৃ সুষ্মিতা দেৱকো ৰাখিব নোৱাৰিলে কংগ্ৰেছে ৷ সুষ্মিতা দেৱৰ ঠিকনা এতিয়া তৃণমূল কংগ্ৰেছ ৷ কংগ্ৰেছ এৰি বিজেপি হ'ল মন্ত্ৰী অজন্তা নেওগ, ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোঁহাই ৷ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ শান্তিয়াছ কুজুৰৰো ঠিকনা এতিয়া বিজেপি ৷ ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে বিজেপিত যোগদান নকৰিলেও সম্প্ৰতি তেওঁক সকলোৱে বিজেপি শিবিৰতে ৰাখিছে ৷ শেহতীয়াকৈ কংগ্ৰেছ এৰিলে ৰিপুণ বৰাই ৷ APCCৰ প্ৰাক্তন সভাপতিজনৰ ঠিকনা অৱশ্যে বিজেপি নহয় সুষ্মিতা দেবৰ দৰে দিদিৰ তৃণমূল কংগ্ৰেছহে ৷ কংগ্ৰেছ ত্যাগ কৰি ইতিমধ্যে অগপত যোগদান কৰিছে যুৱ নেতা পাৰ্থ প্ৰতীম বৰাই ৷ পংকজ বৰবৰা,কল্যান গগৈ, জুৰি শৰ্মা বৰদলৈ, ৰঞ্জন বৰা, অনিল ৰাজাকে ধৰি মুঠৰ ওপৰত এখন দীঘলীয়া তালিকা ৷ এতিয়াও চৰ্চাত ৰৈছে কংগ্ৰেছৰ বহু কেইজন শীৰ্ষ নেতাই দল ত্যাগ কৰিব বুলি ৷ সম্প্ৰতি উজনিৰ দুজন চাহ জনগোষ্ঠীয় যুৱ নেতাই দল ত্যাগ কৰি সময়লৈ অপেক্ষা কৰিছে ৷ যিকোনো মুহূৰ্ততে কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱনা বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰো ৷ তেনেস্থলত, সকলোৰে মনলৈ আহে গাদীচ্যুৎ হ'লেই ঘটে নেকি ধৈৰ্যচ্যুতি?

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি