মুখ্যপৃষ্ঠা »খবৰ »অসম »ULFA(I)-Govt Talk : বল এইবাৰ পৰেশ বৰুৱাৰ ক'ৰ্টত! আলফা(স্বা)ৰে চৰকাৰৰ আলোচনা সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য। পৰেশ বৰুৱাৰ পৰা প্ৰস্তাৱৰ বাবে অপেক্ষা।

ULFA(I)-Govt Talk : বল এইবাৰ পৰেশ বৰুৱাৰ ক'ৰ্টত! আলফা(স্বা)ৰে চৰকাৰৰ আলোচনা সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য। পৰেশ বৰুৱাৰ পৰা প্ৰস্তাৱৰ বাবে অপেক্ষা।

আলফা (স্বা)য়ে একপক্ষীয় ভাৱে তিনিমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰাক ইতিবাচক আখ্যা হিমন্তৰ। আমি আলোচনাৰ দুৱাৰ মুকলি কৰোঁ মই ভাবোঁ আমাৰ জাতিটোৱে এটা নতুন জীৱন পাব: হিমন্ত বিশ্ব।

আলফা (স্বা)য়ে একপক্ষীয় ভাৱে তিনিমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰাক ইতিবাচক আখ্যা হিমন্তৰ। আমি আলোচনাৰ দুৱাৰ মুকলি কৰোঁ মই ভাবোঁ আমাৰ জাতিটোৱে এটা নতুন জীৱন পাব: হিমন্ত বিশ্ব।

আলফা (স্বা)য়ে একপক্ষীয় ভাৱে তিনিমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰাক ইতিবাচক আখ্যা হিমন্তৰ। আমি আলোচনাৰ দুৱাৰ মুকলি কৰোঁ মই ভাবোঁ আমাৰ জাতিটোৱে এটা নতুন জীৱন পাব: হিমন্ত বিশ্ব।

  • Share this:
আলফা(স্বা) আৰু চৰকাৰৰ মাজত আলোচনাৰ বাবে আগ্ৰহ প্ৰাকাশ কৰি পৰেশ বৰুৱৱাৰ কোৰ্টলৈ বল ঠেলিলে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ৱ শৰ্মাই।

কভিড ১৯ পৰিস্থিতিৰ বাবে আলফা (স্বা)য়ে একপক্ষীয় ভাৱে তিনিমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰাক ইতিবাচক দিশ হিচাবে গণ্য কৰি ইয়াৰ পিছতে আলফা (স্বা:)ৰ পৰা আলোচনাৰ প্ৰস্তাৱ অহাৰ বাবে অপেক্ষা কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

আজি আলফা(স্বা)য়ে অপহৰণ কৰি নিয়া ONGCৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ যোৰহাটৰ বৰহোলাস্থিত বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই আলফা(স্বা) আৰু চৰকাৰৰ মাজত আলোচনাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

মুখ্যমন্ত্ৰীয়ে কয়, "আলোচনা কৰিবলৈ যাওতে কোনখিনি কথা এখন চৰকাৰে মানিব পাৰে আৰু কোনখিনি কথা মানিব নোৱাৰে সেয়া আমি সকলোৱে জানোঁ । গতিকে আমাৰ সকলোৰে সীমাবদ্ধতাৰ প্ৰতি সন্মান জনাই যদিহে আমি আলোচনাৰ দুৱাৰ মুকলি কৰোঁ মই ভাবোঁ আমাৰ জাতিটোৱে এটা নতুন জীৱন পাব।"

পৰেশ বৰুৱাক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়, "মই পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি আলোচনালৈ আহক। অসমৰ মানুহে বিচাৰিছে । বৰ্তমান আমি টিভিত যিবোৰ পৰিৱেশ দেখি আছো অসমৰ মানুহে আৰু সেইবোৰ পৰিৱেশ চাব বিচৰা নাই । পৰেশ বৰুৱা অসমত থকা হেতেন এনেবোৰ দৃশ্য চাই ভাল পালে হেতেন বুলি মই নাভাবো।"

আনহাতে আলফা (স্বা:)ৰ একপক্ষীয় যুদ্ধবিৰতীৰ সময়চোৱাত চৰকাৰৰ তৰফৰ পৰা আলফা (স্বা:)ৰ বিৰুদ্ধে অভিযান চলি থাকিবনে নাই ! সেই কথাও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

"যিহেতু চৰকাৰৰ লগত আলোচনা কৰি যুদ্ধ বিৰতি ঘোষণা কৰা নাই । গতিকে চৰকাৰে চৰকাৰৰ কাম কৰিব লাগিব । কোনোবাই যদি ইয়াতে অস্ত্ৰ-শস্ত্ৰ লৈ ঘুৰি থাকে আৰু যুদ্ধবিৰতি বুলি আমি তেওলোক নধৰিম, তেনেকুৱা কথাটো নাই। এতিয়া ঘোষণা কৰা যুদ্ধবিৰতিৰ কোনো গ্ৰাউণ্ড ৰুল নাই । পৰেশ বৰুৱা ডাঙৰীয়াই যদিহে ভাবে যে মই এই যুদ্ধবিৰতি আগুৱাই নিম, গ্ৰাউণ্ড ৰুল তৈয়াৰ কৰিম, তেনেকুৱা ধৰণৰ যদিহে পৰৱৰ্তী পৰ্যায়লৈ যোৱা যায় তেতিয়া কথাটো বেলেগ হব।"

আনহাতে অপহৃত ৰিতুল শইকীয়াক উদ্ধাৰ কৰি অনা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ম্যানমাৰ সীমান্তত ৰিতুল শইকীয়া ভালদৰে আছে আৰু খোৱা-বোৱাও ভালদৰে পাইছে । এই সন্দৰ্ভত মধ্যস্থতাকাৰীৰ জৰিয়তে বিভিন্ন জনে বিভিন্ন খবৰ দিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি