মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমতো আৰম্ভ হ'ল পৰিৱেশ অনুকূল জীৱনযাপনৰ বাবে 'মিছন লাইফ' ...

অসমতো আৰম্ভ হ'ল পৰিৱেশ অনুকূল জীৱনযাপনৰ বাবে 'মিছন লাইফ' ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চলোৱা এক বিশ্বব্যাপী গণ আন্দোলনৰ নাম 'মিছন লাইফ' ৷ এই আন্দোলনৰ অংশীদাৰ হ'ল অসমো ৷ অসমতো আৰম্ভ হ'ল 'Mission Life'।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চলোৱা এক বিশ্বব্যাপী গণ আন্দোলনৰ নাম 'মিছন লাইফ' ৷ এই আন্দোলনৰ অংশীদাৰ হ'ল অসমো ৷ অসমতো আৰম্ভ হ'ল 'Mission Life'।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চলোৱা এক বিশ্বব্যাপী গণ আন্দোলনৰ নাম 'মিছন লাইফ' ৷ এই আন্দোলনৰ অংশীদাৰ হ'ল অসমো ৷ অসমতো আৰম্ভ হ'ল 'Mission Life'।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চলোৱা এক বিশ্বব্যাপী গণ আন্দোলনৰ নাম 'মিছন লাইফ' ৷ এই আন্দোলনৰ অংশীদাৰ হ'ল অসমো ৷ অসমতো আৰম্ভ হ'ল 'Mission Life'।

মিছন লাইফক দ্ৰুতৰূপ দিবলৈ চৰকাৰেও সামৰি লৈছে 'সেউজ বাজেট' ৷ গ্লাছগ' সন্মিলন ইজিপ্তৰ সন্মিলনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২০অক্টোবৰত দেশৰ বাবে আৰম্ভ কৰিছিল 'মিছন লাইফ'ৰ ৷ মিছন লাইফ মূলতঃ পৰিৱেশ অনুকূলে জীৱনচৰ্চা ৷ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আৰম্ভ কৰা এই পৰিৱেশ অনুকূল জীৱনচৰ্চাৰ আন্দোলনক অসমত গতি দিবলৈ ৰাজ্য চৰকাৰৰ বাজেটত অধিকাংশ বিভাগেই কম বেছি পৰিমাণে সামৰি লৈছে 'সেউজ বাজেট' ৷ এইবাৰ ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে ১২৫০০ কোটিৰ সেউজ বাজেট ৷ ৭টা থীম, ৭৫টা ACTIONৰে সমৃদ্ধ এই 'মিছন লাইফ' কিয় প্ৰয়োজন অসমক ? যোৱা ১৪মাৰ্চত অসম বিধানসভাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অসমৰ পাঁচখন চহৰ দেশৰ আটাইতকৈ প্ৰদূষিত স্থানৰ ভিতৰত আছে বুলি উল্লেখ কৰিছিল ৷ য'ত আছে, গুৱাহাটী, নগাঁও, নলবাৰী, শিৱসাগৰ, শিলচৰ ৷ অসমত বায়ুৰ গুণাগুণ বেয়া হোৱাৰ মূলতে ব্ৰহ্মপুত্ৰৰ পৰা অহা বালি আৰু চাৰিওফালৰ পাহাৰৰ পৰা অহা ধূলি, নিৰ্মাণ কাৰ্যৰ পৰা অহা ধূলি বুলি সদৰী কৰিছিল স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷ চৰকাৰৰ দাবী পাহাৰত বনানীকৰণ অভিযান, ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণ (CNG)  আৰু পৰিৱেশৰ অনুকূল মানুহৰ জীৱনশৈলীৰ পৰিৱৰ্তন কৰা হৈছে। আৰু এই পৰিৱেশ অনুকূল জীৱনশৈলীতে সোমাই আছে মিছন লাইফ ৷ চৰকাৰে আৰম্ভ কৰা এই মিছন লাইফক আদৰণি সদনত বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰা অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ, "ভয়াৱহ প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে ব্যৱস্থা ল'ব লাগে বুলি কৈছিলোঁ ৷ ভাল লাগিছে চৰকাৰে আৰম্ভ কৰিছে কাম ৷" মঙলবাৰে গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত 'মিছন লাইফ' উন্মোচন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক'লে, "প্ৰধানমন্ত্ৰীয়ে কাইলৈৰ পৰা এটা সপ্তাহ পৰিৱেশ অনুকূল জীৱনশৈলীৰ বাবে কাম কৰাৰ আহ্বান কৰিছে ৷ আমি পৰিৱেশৰ প্ৰতিকুলে কাম কৰি থকাৰ বাবে পৰিৱেশৰ পৰা প্ৰত্যাহ্বানে ডাঙৰ সমস্যা সৃষ্টি কৰিছে । গোলকীয় উষ্ণতা বৃদ্ধিৰ স্তৰ ১.৫ ছেলছিয়াছ বঢ়াৰ অনুমান‌ কৰা হৈছে ।পৰিৱেশৰ সুৰক্ষাৰ স্বাৰ্থত ৬০৬৭ হেক্টৰ মাটি বেদখলৰ পৰা মুক্ত কৰিছে চৰকাৰে ৷ পৰিৱেশ সন্তুলন কৰাৰ উদ্দেশ্যে এই উচ্ছেদ চলোৱা হৈছে । উচ্ছেদ চলোৱা পাছতেই জীৱজন্তু বোৰ নিজৰ ঠাইলৈ ঘূৰি আহিছে ৷ চৰকাৰী প্ৰচেষ্টাৰ এটা সীমা থাকে, যদি চৰকাৰে গছ-গছনি ৰোপন কৰাৰ কথা ভাবে বছৰটোত ২ লাখ গছ ৰুব পৰা যাব । কিন্তু অসমৰ প্ৰতিজন জনতাই যদি গছ ৰোপন কৰে তেনেহলে অসমত বহুত গছেই জী উঠিব । মানুহৰ জীৱনৰ লগত যদি ই সমাহিত নহয় তেনেহ'লে সফল নহয় ৷ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সদিচ্ছাৰ বাবে ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট চ'লাৰ পাৱাৰ উৎপাদন‌ কৰিব ৷ গুৱাহাটী মহানগৰীত ২০০ খন ইলেক্ট্ৰিক বাছ কিনাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে ৷ বৰ্তমান ১০০ খন চি এন জি বাছ গুৱাহাটীত চলি আছে ৷"

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি