ৰাজ্যসভাৰ নিৰ্বাচন (Rajyasabha Election)ৰ ফলাফলৰ পিছতে কংগ্ৰেছ (Congress) দলক আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, "কংগ্ৰেছৰ অৱস্থা এনে হৈছে যে দলটোৰ এজেণ্ট এজন দিবলৈকো অসমত নেতা নাই। দিল্লীৰ নেতা আনি ৰাজ্যসভা নিৰ্বাচনত এজেণ্ট দিবলৈ বাধ্য হৈছে কংগ্ৰেছ দল।"
উল্লেখ্য যে এজেণ্টক লৈ তীব্ৰ বিতৰ্কৰ পিছত কংগ্ৰেছে AICCৰ নেতা পৃথ্বীৰাজ পি সাথে (Prithviraj Sathe)ক কংগ্ৰেছৰ এজেণ্ট নিয়োগ কৰিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে বহিঃৰাজ্যৰ এইজন এজেণ্টে অসমৰ কংগ্ৰেছী বিধায়কসকলক চিনিয়েই নাপায়। তেওঁ আৰু কয়, "নিৰ্বাচনৰ আগদিনা গুগল (Google)ত ফটো দেখুৱাই দেখুৱাই এজেণ্ট সাথেক কংগ্ৰেছী বিধায়কসকলৰ চেহেৰা চিনাকী কৰাই দিয়া হৈছিল।"
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ দলটোক বিশ্বাসহীনতাই আবৰি ধৰিছে। দলটোৰ কোনো নেতাই কাকো বিশ্বাস নকৰা হৈছে। একে সময়তে AIUDFৰ সৈতে মিত্ৰতা কৰি দলটোৱে নিজকে নিশ্চিহ্ন কৰিব ওলোৱা বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, "আমি কংগ্ৰেছত থকালৈকে AIUDFৰ সৈতে মিত্ৰতা নকৰাটো আমাৰ সংকল্প আছিল। কিন্তু এতিয়া মন গ'লেই AIUDFৰ সৈতে মিত্ৰতা কৰি দিয়ে কংগ্ৰেছে। ই দলটোক নিঃশেষ কৰি পেলাব। "
Published by: Manjumoni Borah
FIRST PUBLISHED : April 01, 2022, 00:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।