“মই ভগৱান নহয়তো যে মই ডেডলাইন দিম ৷ তেনে হিম্মত মোৰ নাই ৷ মই মুখ্যমন্ত্ৰীহে ৷”-এনেদৰে জনতা ভৱনত শনিবাৰে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
শনিবাৰে জনতা ভৱনত আয়োজন কৰা এক সংবাদমেলত সাংবাদিকে প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীক ৷ সাংবাদিকৰ প্ৰশ্ন আছিল আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাক লৈ ৷ কেতিয়াৰ ভিতৰত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰে চৰকাৰৰ আলোচনা হ'ব আৰু সমস্যাটো সমাধান হ'ব?
এই প্ৰশ্নৰ উত্তৰতে মুখ্যমন্ত্ৰী ড° শৰ্মাই ক'লে— “মই কেনেকৈ ডেডলাইন দিম ৷ ডেডলাইন দিবলৈ মই ভগৱান নহয় ৷ ইয়াত মোৰ হিম্মত নাই ৷ ৰাইজে আহ্বান কৰক পৰেশ বৰুৱাক যে 'সাৰ্বভৌমত্ব' আমাক নালাগে বুলি ৷ তেৱোতো ৰাইজৰ কথা শুনিব বিচাৰিছে ৷ পৰেশ বৰুৱাই ঘূৰি অহাৰ ক্ষেত্ৰত অসমৰ সংবাদ মাধ্যমে ভূমিকা গ্ৰহণ কৰক ৷ অসমৰ ৰাইজে কি বিচাৰে সেয়া প্ৰকাশ কৰক ৷”
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|