বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)ৰ সুৰক্ষা আৰু সুস্ৱাস্থ্য কামনা কৰি দেশজুৰি বিজেপি (BJP)য়ে পূজা আৰু হোম-যজ্ঞ আদি কৰে। বুধবাৰে পঞ্জাৱ (Punjab)ত প্ৰতিবাদকাৰীৰ পথ অৱৰোধৰ বাবে সভা বাতিল কৰি উভতিব লগা হৈছিল প্ৰধানমন্ত্ৰী । ইয়াৰ পিছতে বৃহস্পতিবাৰে মোদীৰ সুৰক্ষাৰ কামনা কৰি দেশৰ বিভিন্ন প্ৰান্তত পূজা (Puja For Narendra Modi) কৰা হয়। অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই এই পূজাত অংশ লয়। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ উগ্ৰতাৰা (Ugratara Temple) দেৱালয়ত আয়োজন কৰা পূজা আৰু হোম-যজ্ঞত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীৰ সুস্বাস্থ্য আৰু সুৰক্ষা কামনা কৰে। উজনি ভ্ৰমণ সামৰি উভতি অহা মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত উপস্থিত হৈয়েই উগ্ৰতাৰালৈ যায়।
![]()
উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা (PM Security) ব্যৱস্থাক সম্পূৰ্ণৰূপে তচনচ কৰি পেলোৱা এই ঘটনাৰ পিছতে মোদীৰ নিৰাপত্তা (Modi Security)ক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত হোৱা গাফিলতিৰ বাবে পঞ্জাৱৰ কংগ্ৰেছ চৰকাৰক শাসকীয় পক্ষৰ পৰা প্ৰচণ্ড আক্ৰমণ কৰা হয়। প্ৰধআনমন্ত্ৰীৰ নিৰাপত্তাক লৈ সন্দিহান হৈ পৰা বিজেপি দলে সেয়ে দেশজুৰি পূজাৰ আয়োজন কৰে।
উল্লেখ্য যে বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত উগ্ৰতাৰা মন্দিৰত পূজাৰ আয়োজন কৰা হৈছিল। এই পূজাৰ সময়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাও উপস্থিত আছিল
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|