মুখ্যপৃষ্ঠা »খবৰ »অসম »Jio True 5G in Guwahati: গুৱাহাটীত Jio True 5G সেৱা মুকলি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক'লে, "অসমত নতুন টেকন'লজী আৰম্ভ হ'ব"

Jio True 5G in Guwahati: গুৱাহাটীত Jio True 5G সেৱা মুকলি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক'লে, "অসমত নতুন টেকন'লজী আৰম্ভ হ'ব"

গুৱাহাটীত Jio True 5G সেৱা মুকলি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক'লে, "অসমত নতুন টেকন'লজী আৰম্ভ হ'ব"

গুৱাহাটীত Jio True 5G সেৱা মুকলি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক'লে, "অসমত নতুন টেকন'লজী আৰম্ভ হ'ব"

Jio True 5G সেৱা কামাখ্যাত উপলব্ধ কৰি দিয়াৰ বাবে মুকেশ আম্বানীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে। বানপানীৰ পৰা ক'ভিড সংকটৰ সময়লৈকে অসমলৈ ৰিলায়েন্স পৰিয়ালে যথেষ্ট সহায় আগবঢ়াইছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

  • Share this:
আজিৰ পৰা গুৱাহাটী মহানগৰত মুকলি হ'ল Jio True 5G সেৱা। জনতা ভৱন সভাকক্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে Jio True 5G সেৱা।

মুকলি অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে "কিছুদিনৰ পূৰ্বে এয়াৰটেলে গুৱাহাটীত 5G সেৱা মুকলি কৰিছে। লাহে লাহে অসমত নতুন টেকনলজী আৰম্ভ হ'ব। ইয়াৰ জৰিয়তে মোৰ বিশ্বাস সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব"

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, Jio True 5G সেৱা শীঘ্ৰে শিলচৰ আৰু অসমৰ মূল চহৰসমূহতো মুকলি কৰা হ'ব। অসমত জিঅ'য়ে ৯৫০০ কোটি টকা বিনিয়োগ কৰিছে। স্বাস্থ্য, কৃষি আৰু অন্যান্য ক্ষেত্ৰতো বিনিয়োগ কৰাৰ চেষ্টা কৰা হ'ব।

বাহিৰৰ চিকিৎসকৰ সৈতে এই টেকনল'জীৰ জৰিয়তে যোগাযোগ চেষ্টা কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। তদুপৰি কয় যে, এই সেৱাৰ জৰিয়তে দূৰৱৰ্তী অঞ্চলক স্বাস্থ্যখণ্ডৰ সৈতে সংলগ্ন কৰাত সহায়ক হ'ব।

শীঘ্ৰে আন আন জিলাতো Jio True 5G উপলব্ধ কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। Jio True 5G সেৱা কামাখ্যাত উপলব্ধ কৰি দিয়াৰ বাবে মুকেশ আম্বানীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে। বানপানীৰ পৰা ক'ভিড সংকটৰ সময়লৈকে অসমলৈ ৰিলায়েন্স পৰিয়ালে যথেষ্ট সহায় আগবঢ়াইছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি