মুখ্যপৃষ্ঠা »খবৰ »অসম »Independence Day 2021 : ত্ৰিৰংগাৰ তলৰ পৰা পৰেশ বৰুৱাক আহ্বান মুখ্যমন্ত্ৰীৰ-উভতি আহক মূলসূঁতিলৈ

Independence Day 2021 : ত্ৰিৰংগাৰ তলৰ পৰা পৰেশ বৰুৱাক আহ্বান মুখ্যমন্ত্ৰীৰ-উভতি আহক মূলসূঁতিলৈ

অসমৰ আৰু এজনো পাহোৱাল ডেকাৰ তেজেৰে যাতে অসমৰ ভূমি ৰাঙলি নহয় তাৰ বাবে আলোচনাৰ মেজলৈ আহিবলৈ পৰেশ বৰুৱাক মুখ্যমন্ত্ৰীয়ে জনালে আহ্বান। 

অসমৰ আৰু এজনো পাহোৱাল ডেকাৰ তেজেৰে যাতে অসমৰ ভূমি ৰাঙলি নহয় তাৰ বাবে আলোচনাৰ মেজলৈ আহিবলৈ পৰেশ বৰুৱাক মুখ্যমন্ত্ৰীয়ে জনালে আহ্বান। 

  • Share this:
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (Independence Day 2021) উদযাপন কৰি উগ্ৰপন্থী সংগঠন আলফা স্বাধীনক শান্তি আলোচনালৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ত্ৰিৰংগাৰ তলৰ পৰা পৰেশ বৰুৱা (Paresh Baruah)ক শান্তি আলোচনালৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

৪ দশক ধৰি অসমবাসীয়ে মুকলি মনেৰে স্বাধীনতা দিৱস পালন কৰিব পৰা নাছিল। উগ্ৰপন্থী সংগঠনৰ বন্ধৰ আহ্বানে অসমবাসীক স্বাধীনতা দিৱস পালনৰ পৰা বঞ্চিত কৰি আহিছিল। কিন্তু এইবাৰ অসমত স্বাধীনতা দিৱসত কোনো বন্ধ নাই। এই মন্তব্য কৰি প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত বন্দৰ আহ্বান নকৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে।

একে সময়তে অসমৰ আৰু এজনো পাহোৱাল ডেকাৰ তেজেৰে যাতে অসমৰ ভূমি ৰাঙলি নহয় তাৰ বাবে আলোচনাৰ মেজলৈ আহিবলৈ পৰেশ বৰুৱাক মুখ্যমন্ত্ৰীয়ে জনালে আহ্বান।

উল্লেখ্য যে কোৰোণা মহামাৰীৰ বাবে এইবাৰ স্বাধীনতা দিৱস বয়কট কৰি অসম বন্ধৰ কোনো আহ্বান জনোৱা নাই আলফা স্বাধীনে। এই ঘটনা আলফাৰ ইতিহাসতে প্ৰথম। তদুপৰি কোৰোণা পৰিস্থিতিৰ বাবে আলফা স্বাধীনে ঘোষণা কৰা একপক্ষীয় যুদ্ধবিৰতিও পুনৰ তিনি মাহলৈ বৃদ্ধি কৰিছে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি