মুখ্যপৃষ্ঠা »খবৰ »অসম »চৰকাৰী কাম নকৰাকৈ দৰমহা লোৱাটো অপৰাধ ! গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ প্ৰৱক্তা আছে যিসকলে Talk Showত বহুত কথা কয়, কিন্তু নিজে ক্লাছ নকৰে: মুখ্যমন্ত্ৰী

চৰকাৰী কাম নকৰাকৈ দৰমহা লোৱাটো অপৰাধ ! গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ প্ৰৱক্তা আছে যিসকলে Talk Showত বহুত কথা কয়, কিন্তু নিজে ক্লাছ নকৰে: মুখ্যমন্ত্ৰী

File Photo

গুৱাহাটী বিশ্ববিদ্যালয়ৰ(GU) একাংশ প্ৰৱক্তা আছে যিসকলে টকশ্ব'ত বহুত কথা কয়, কিন্তু নিজে নিজৰ বিশ্ববিদ্যালয়ৰ ক্লাছ নকৰে ৷ এই নীতি হ'লে নহ'ব বুলি স্পষ্ট কৰি কলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) ৷

  • Share this:
চৰকাৰী দৰমহা ললেই নহ'ব চৰকাৰে প্ৰদান কৰা দায়িত্ব পালন কৰিব লাগিব ৷ ৰাজ্য চৰকাৰৰ ১০০ দিন কাৰ্য্যসূচীত ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ১ ছেপ্টেম্বৰৰ পৰা কলেজ খুলিব সেয়ে আজি নিযুক্তি প্ৰদান কৰিলো ৷ ইয়াৰ পূৰ্বেও প্ৰদান কৰিব পাৰিলোহেতেন কিন্তু কাম নকৰাকৈ দৰমহা লোৱাটো অপৰাধ ৷ সেয়ে কৰা নাছিলো ৷ শিক্ষক, অধ্যাপকে মানৱতাৰ দায়িত্ব পালন কৰা উচিত ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ প্ৰৱক্তা আছে যিসকলে টকশ্ব'ত বহুত কথা কয়, কিন্তু নিজে নিজৰ বিশ্ববিদ্যালয়ৰ ক্লাছ নকৰে ৷ এই নীতি হ'লে নহ'ব বুলি স্পষ্ট কৰি কলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আজি জাতিটোৰ আটাইতকৈ ডাঙৰ ভুল কথা হৈছে বেলেগৰ পৰা আমি সকলো বিচাৰো, কিন্তু নিজে একো নকৰো ৷ এই ভিচিআৰ চাৰ্কোলটো ব্ৰেক কৰিব লাগিব ৷ তেতিয়াহে আগবাঢ়িব পাৰিম ৷ ব্যক্তি নিৰ্মাণেই কৰে ৰাষ্ট্ৰ নিৰ্মাণ ৷ সেয়ে ৰাস্ট্ৰ নিৰ্মাণ কামত আমি সকলোৱে আগভাগ ল'ব লাগিব ৷ কোনেও সৌৰজগতৰ পৰা আহি কাম কৰি নিদিয়ে, নিজে নিজৰ কাম কৰিম লাগিব ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় এই বছৰে আটাইতকৈ ভাল সময় ৷ স্বাধীনতাৰ অমৃত মহোৎসৱ এই বছৰ ৷ সেয়ে সকলোৱে কাম কৰিলে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব পাৰিম ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি