ৰাজ্যত আৰম্ভ হ'ব নতুন শিক্ষা নীতি ৰূপায়ণৰ কাম ৷ অসমত নাথাকিব হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী শিক্ষানুষ্ঠান ৷ বিপৰীতে হ'ব ২০২২ চনৰ পৰা Senior Secondary School ৷
ৰাজ্যত আৰম্ভ হ'ব নতুন শিক্ষা নীতি ৰূপায়ণৰ কাম ৷ অসমত নাথাকিব হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী শিক্ষানুষ্ঠান ৷ বিপৰীতে হ'ব ২০২২ চনৰ পৰা Senior Secondary School ৷ নতুন শিক্ষা নীতি অনুসৰি কলা, বিজ্ঞান, বাণিজ্য শাখা নাথাকে উচ্চতৰ মাধ্যমিক শাখাত ৷ তাৰপৰিবৰ্তে থাকিব সৰ্বোচ্চ ৮ টা বিষয় ৷ যিকোনো বিষয় ল'ব পাৰিব প্ৰাৰ্থীয়ে ৷
প্ৰথম অৱস্থাত দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰম্ভ হ'ব নতুন শিক্ষা নীতি ৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি বিজ্ঞান, গণিত বিষয় হ'ব ইংৰাজী শাখাত ৷ একেদৰে আগন্তুক বৰ্ষৰ পৰা দশম শ্ৰেণীলৈ বাধ্যতামূলক হ'ব ভূগোল, বুৰঞ্জী বিষয় ৷ অনাগত ৬ মাহৰ পৰা আৰম্ভ হ'ব এই ব্যৱস্থা ৷ যদিওৱা এইখিনি কৰিবলৈ যাওতে শিক্ষা বিভাগৰ সন্মুখত থাকিব বৃহৎ প্ৰত্যাহ্বান ৷ তথাপি কাম আৰম্ভ কৰাৰ লক্ষ্য ৷ ক্ৰমাগত ভাৱে কাম আৰম্ভ কৰিলেও আগন্তুক ৫ বছৰ প্ৰয়োজন হ'ব নতুন শিক্ষানীতি সম্পূৰ্ণ ৰূপায়ণ হোৱালৈ ৷ শিক্ষা বিভাগৰ সিদ্ধান্ত অনুসৰি ফেব্ৰুৱাৰী, মাৰ্চ মাহত অনুষ্ঠিত হ'ব গুণোৎসৱ ৷