কভিডক লৈ কিমান সচেতন আচলতে গুৱাহাটীবাসী?৷ চৰাকৰে বান্ধি দিয়া কোভিড নিয়ম কিমান গুৰুত্বসহকাৰে লৈছে গুৱাহাটীবাসী?
কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্য চৰকাৰে দিলে বহু নিষেধাজ্ঞা ৷ জাৰি কৰিলে সান্ধ্য আইন ৷ কিন্তু তাৰ পিছতো একাংশ গুৱাহাটীবাসীয়ে মনা নাই এই নিষেধাজ্ঞাসমূহ ৷
চৰকাৰে ১৩ মে’ৰ পৰা ১৫ দিনৰ বাবে ১ বজাত দোকান-পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ কৰাৰ ঘোষণা কৰিছিল ৷ সমান্তৰালকৈ যান-বাহনৰ ক্ষেত্ৰটো যুগ্ম-অযুগ্ম নম্বৰৰ চলাচল কৰাৰ নিৰ্দেশ দিছিল।
কিন্তু চৰকাৰৰ এই নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই ৰাজপথত ঘূৰি আছে একাংশ মহানগৰবাসী ৷ যান-বাহন আৰক্ষীয়ে তেনে লোকৰ ক্ষেত্ৰত বিহা জৰিমনাৰ পৰমাণ শুনিলেই আপোনাৰ চকু কপালত উঠিব ৷
১২ মে’ৰ দিনাই আইন ভংগ কৰা লোকৰ বিৰুধে ৪৪টা জৰিমনা গোচৰ ৰুজু কৰি ৫২ হাজাৰ ৫০০ টকা জৰিমনা বিহাৰ লগতে Non FIR গোচৰ হৈছে ৭৭টা ৷ বাহন জব্দ কৰিছিল ১৮ খন ৷
১৩ মে’ত জৰিমনাৰ পৰিমাণ বৃদ্ধি পালে প্ৰায় চাৰিগুণ ৷ জৰিমনা গোচৰ ৰুজু হল ১৫৭টা ৷ জৰিমনা বিহা হ’ল ২ লাখ ২০ হাজাৰ টকা ৷ Non FIR গোচৰ ৰুজু হৈছে ৭৯৫টা, যান-বাহন জব্দ কৰিছে ৮১খন ৷
আনহাতে ১৪ মে’ত কোভিড বিধি উলংঘাৰ গোচৰ ৰুজু হৈছে ১৩২টা, জৰিমনা বিহা হৈছে ১ লাখ ৮৪ হাজাৰ টকা৷ Non FIR গোচৰ ৰুজু হৈছে ৩৯২টা আৰু বাহন জব্দ হৈছে ৭৪খন ৷ ইয়াৰে দুচকীয়া বাহন ৬৮খন, চাৰি চকীয়া ৬ খন ৷
ইফালে মহানগৰ আৰক্ষী যানবাহন শাখাৰ ডিচিপি প্ৰাণজিত বৰাই সকলোকে আহ্বান কৰিছে চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম সমূহ মানি চলাৰ কাৰণে ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : May 15, 2021, 14:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|