সাধাৰণতে মন্ত্ৰী-বিধায়কসকল য়'লকে যায় তাতেই তেওঁলোকে সিংহাসনখন পায়। বিদ্যালয়লৈ লোকেল এমএলএ গ'লেও প্ৰধান শিক্ষকে নিজৰ চকী এৰি দিয়ে। যি কোনো চৰকাৰী কাৰ্যালয়তে মুৰব্বী বিষয়াজনেও মন্ত্ৰী বিধায়কক নিজৰ আসম এৰি দিয়ে আৰু এই ৰাজনৈতিক নেতাসকলেও কোনো আপত্তি নকৰি নিৰ্দিষ্ট আসনখনত বিনা দ্বিধাই বহি দিয়ে। আমি সচৰাচৰ দেখি অহা এইখনেই বাস্তৱ ছবি !
পিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই যি কাম কৰিলে বা যি মহানুভৱতাৰ পৰিচয় দিলে সেয়া সঁচাকৈ প্ৰশংসনীয়। আজি পেঞ্চন সঞ্চলকালয় (Directorate of Pension)ৰ কাৰ্যালয়লৈ গৈছিল মুখ্যমন্ত্ৰী।
মুখ্যমন্ত্ৰীয়ে সঞ্চালকৰ কোঠাত বহিল অন্য এখন আসনতহে। আপাতত ফটোখনক মহান বুলিব লগা একো নাই, কিন্তু প্ৰচলিত ধ্যান-ধাৰণাৰ পৰিপ্ৰেক্ষিতত এই ফটোখনে (Viral Photo) ছচিয়েল মিডিয়াত বুটলিছে প্ৰশংসা।
উল্লেখ্য যে ৰাজ্যৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু অতীজৰে পৰা কুখ্যাত কাৰ্যালয় বুলি পৰিচিত এই পেঞ্চন সঞ্চলকালয়ৰ কাৰ্যলয়ৰ। চাকৰিয়াল বহু লোকৰ ইয়ালৈ আহি আহি হাৱাই চেণ্ডেল ক্ষয় যায় বুলি বদনাম আছে। পিছে শেহতীয়াকৈ ৰাজ্য চৰকাৰে এই কাৰ্যালয়টোতো ব্যাপক সংস্কাৰ সাধনৰ চেষ্টা কৰিছে। মঙলবাৰেও পেঞ্চন সঞ্চালকালয়ক বহু গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ ভিতৰত অন্যতম হৈছে প্ৰতি মাহত এহাজাৰ পেণ্ডিং পেঞ্চনৰ কাম সমাধা কৰাৰ নিৰ্দেশ।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 14, 2021, 23:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|