মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Cabinet Meet : সান্দহ খোৱা বান বাতিৰ পৰা নদীৰ পলসৰ টেণ্ডাৰলৈ, কেবিনেট বৈঠকত লোৱা হ'ল বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সলনি হ'ল PM কিষাণ নিধি আঁচনিৰ কৃষকৰ যোগ্যতা।

Assam Cabinet Meet : সান্দহ খোৱা বান বাতিৰ পৰা নদীৰ পলসৰ টেণ্ডাৰলৈ, কেবিনেট বৈঠকত লোৱা হ'ল বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সলনি হ'ল PM কিষাণ নিধি আঁচনিৰ কৃষকৰ যোগ্যতা।

file photo

ডঃ ননীগোপাল মহন্ত (Dr Noni Gopal Mahanta) ক শিক্ষা বিভাগৰ উপদেষ্টা নিযুক্তি, ৰাজেন গোহাঁই (Rajen Gohain)ক খাদ্য অসামৰিক যোগান নিগমৰ অধ্যক্ষ নিযুক্তি।

  • Share this:
ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক (Cabinet Meet)ত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধআন্ত লোবা হয়। বিশেষকৈ শিক্ষা বিভাগৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধন্ত আজি গ্ৰহণ কৰা হয় কেবিনেট বৈঠকত।

অধ্যাপক ডঃ ননীগোপাল মহন্ত (Dr Noni Gopal Mahanta) ক শিক্ষা বিভাগৰ উপদেষ্টা নিযুক্তি দিয়া হয়। ইয়াৰ উপৰিও প্ৰত্যেক জিলাত জিলা শিক্ষা তদাৰক আৰু নিৰীক্ষণ কমিটী (District vigilance and monitoring committee for education) গঠনৰ সিদ্ধান্ত লোৱাহয়। এই কমিটিৰ সভাপতি হ'ব জিলা পৰিষদৰ সভাপতি আৰু বিদ্যালয় পৰিদৰ্শক (Inspector of Schools)ও থাকিব। এই কমিটিয়ে জিলাৰ শিক্ষা বিভাগটো পৰ্যালোচনা কৰিব । শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি চাব কমিটিয়ে।

আনহাতে ব্লক পৰ্যায়তো শিক্ষা কমিটি গঠন কৰা হ'ব।শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এই কথা জনাই কয় যে ছাত্ৰ-ছাত্ৰীয়ে স্কুল এৰাৰ সংখ্যা অসমত বেছি। শিক্ষকৰ উপস্থিতিৰ হাৰো অসমত কম। এইবোৰ জিলা ভিত্তিক আৰু ব্লক ভিত্তিক কমিটিসমূহে মনিটৰ কৰিব। ব্লক ভিত্তিক কমিটিৰ সভাপতি হ'ব আঞ্চলিক পঞ্চায়তৰ সভাপতি।

ৰাজ্যত প্ৰধানমন্ত্ৰী কৃষাণ নিধিৰ আঁচনি (PM Kishan Sanman Nidhi Sckeme)ত দুৰ্নীতিক লৈ প্ৰতিক্ৰিয়া হোৱাৰ সময়তে এই আঁচনিৰ অধীনত কোনসকল লোকে ধন পাব তাকে লৈও কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৌছে কেবিনেটে। এতিয়াৰে পৰা একচনীয়া আৰু টৌজিবাহী পট্টা থকা ভূমিৰ গৰাকীয়েও পাব প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ আঁচনিৰ ধন। বনাঞ্চলত বসবাস কৰা লোকো যোগ্য বিবেচিত হ'ব পিএম কিষাণ নিধিৰ বাবে। আনকি চাহ বাগানত বসবাস কৰা লোক আৰু দেৱোত্তৰ ভূমিত খেতি কৰা লোকো যোগ্য বিবেচিত হ'ব এই আঁচনিৰ বাবে। সৰু-বৰ কৃষি কাৰ্য কৰি থকা প্ৰায় সকলো লোককে সামৰি লোৱাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে।

ইপিনে নদীৰ পলস উঠোৱাৰ ক্ষেত্ৰত জিলা উপায়ক্তক সম্পূৰ্ণ কৰ্তৃত্ব দিলে কেবিনেটে। এতিয়াৰে পৰা নদীৰ পলস তোলাৰ বাবে উপাযুক্তই নিবিদা (Tender) আহ্বান কৰিব পাৰিব। কিন্তু বালিৰ ক্ষেত্ৰত এই বিধি কাৰ্যকৰী নহ'ব।

চৰকাৰী পুঁজি অনমোদনৰ ক্ষেত্ৰটো কেতবোৰ গুৰুত্বপূৰ্ণ সংস্কাৰ সাধনৰ সিদ্ধান্ত লৈছে কেবিনেটে। মন্ত্ৰী কেশৱ মহন্তই এই কথা সদৰী কৰি কয়, "চৰকাৰী প্ৰকল্পবোৰ অনুমোদন কৰাত বহু টেবুল পাৰ হ'বলগীয়া হয়। এতিয়াৰে পৰা সৰলীকৰণ কৰা হৈছে পুঁজি অনুমোদনত। দুই কোটি টকালৈকে বিভাগে নিজে অনুমোদন দিব পাৰিব। দুইৰ পৰা দহ কোটিলৈ মুখ্য সচিবৰ অধ্যক্ষতাত ষ্টেণ্ডিং কমিটিয়ে অনুমোদন দিব পাৰিব, দহৰ পৰা এশ কোটিলৈ বিত্ত মন্ত্ৰীৰ অধ্যক্ষতাত ষ্টেণ্ডিং কমিটিয়ে অনুমোদন দিব পাৰিব আৰু এশ কোটিৰ ওপৰত হ'লে প্ৰকল্পত মুখ্যমন্ত্ৰীয়ে অনুমোদন দিব।"

একে সময়তে জল জীৱন মিছনত জিলা উপায়ুক্তই দহ কোটি টকালৈ অনুমোদন দিব পাৰিব। জলজীৱনৰ বাবে গ্ৰাম্যাঞ্চলত মাটি উপায়ুক্তই অধিগ্ৰহণ কৰাৰ পূৰ্ণ কৰ্তৃত্ব প্ৰদান কিলে কেবিনেটে।

উল্লেখ্য যে বাজেট অধিবেশনত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা নতুন বিভাগ "খিলঞ্জীয়া জাতি বিশ্বাস আৰু কল্যাণ" বিভাগক অনুমোদন দিয়ে কেবিনেটে।

আনহাতে চৰকাৰী অনুষ্ঠানত থলুৱা খাদ্যসম্ভাৰক অগ্ৰাধিকাৰ দিয়া চৰকাৰখনে সকলো চৰকাৰী অনুষ্ঠানত এতিয়াৰ পৰা সান্দহ গুৰি, জলপান আদি বান বাতিত খোৱা হ'ব বুলি কেবিনেটত সিদ্ধান্ত লোৱা হয় বুলি জনায় মন্ত্ৰী ডা° ৰণোজ পেগুৱে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি