আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত স্বাস্থ্য খণ্ডত কেইবাটাও নতুন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি এতিয়াৰ পৰা ৰাজ্যৰ চৰকাৰী মেডিকেল কলেজসমূহৰ অধ্যাপকৰ অৱসৰৰ বয়স ৬৫ বছৰৰ পৰা ৭০ বছৰলৈ বৃদ্ধি কৰা হৈছে। চিকিত্সকৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে অৱসৰৰ বয়স বৃদ্ধি কৰা হৈছে।
কেবিনেট বৈঠকৰ পিছত আয়োজিত সংবাদমেলত মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে চিকিতসকৰ সমস্যে আছে আৰু সেয়ে এই সিদ্ধান্ত লোৱা হৈছে। আগন্তুক সময়ত নতুন মেডিকেলবোৰ হৈ উঠিলে অসমত বছৰি ২১০০ নতুন চিকিতসক সৃষ্টি হ'ব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে কেৱল মেডিকেল কলেজৰ চিকিত্সকৰ ক্ষেত্ৰত প্ৰযোজ্য হব অৱসৰৰ বয়স বৃদ্ধিৰ সিদ্ধান্ত।
ইপিনে চাহবাগান এলেকাত স্বাস্থ্যসেৱা উন্নত কৰাৰ লক্ষ্যৰে এক বিনামূলীয়া ঔষধ বিতৰণ আঁচনি গ্ৰহণৰ সিদ্ধান্ত লৈছে চৰাকাৰৰ কেবিনেটে। ইয়াৰ বাবে ঔষধ কিনিবলৈ ১৩৬.৮ কোটি টকাৰ অনুমোদন দিছে কেবিনেটে। এই বিনামূলীয়া ঔষধ সমূহ চাহ বাগান এলেকাত বিতৰণ কৰা হব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|