মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Cabinet Meeting: ৰাজ্য চৰকাৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত! বঞ্চিত ২৮ লাখ লোকে পাব আধাৰ

Assam Cabinet Meeting: ৰাজ্য চৰকাৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত! বঞ্চিত ২৮ লাখ লোকে পাব আধাৰ

Assam Cabinet Meeting: NRCত নাম থকা বা নথকা সকলো লোকে আধাৰ কাৰ্ড বনাব পাৰিব।পূৰ্বে NRC ত নাম নথকা ২৮ লাখ লোকে আধাৰ কাৰ্ড তৈয়াৰ কৰিব পৰা নাছিল।

  • Share this:
ৰাজ্য চৰকাৰৰ কেবিনেট (Assam Cabinet) বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সোণাপুৰৰ ডিমৰীয়া অঞ্চলত অফিচ অফ দ্যা ৰয়েল ভূটানিজ উচ্চ আযুক্তৰ কাৰ্য্যালয় নিৰ্মাণ হ'ব । ইয়াৰ বাবে ৫ বিঘা ভূমি প্ৰদানত অনুমতি ৰাজ্য চৰকাৰৰ। ওৱেৰ হাউছ নিৰ্মাণ কৰিবলৈ এতিয়াৰ পৰা দিছপুৰলৈ ফাইল আহিব নালাগে, বিপৰীতে উপাযুক্তসকলে ওৱেৰ হাউছ নিৰ্মাণৰ অনুমতি প্ৰদান কৰিব পাৰিব।

ছয়গাঁও অঞ্চলত চিআৰপিএফ (CRPF)ৰ কেম্প নিৰ্মাণ কৰিবলৈ ৭৮ বিঘা ভূমি আৱণ্টনত কোবিনেটৰ অনুমতি। NRCত নাম থকা বা নথকা সকলো লোকে আধাৰ কাৰ্ড (Aadhaar Card) বনাব পাৰিব।পূৰ্বে NRC ত নাম নথকা ২৮ লাখ লোকে আধাৰ কাৰ্ড তৈয়াৰ কৰিব পৰা নাছিল। ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা সম্ভৱ হ'ব। ৰাজ্যত ১ হাজাৰ ৮৫ খন কাঠৰ দলং পকীকৰণ  হ'ব। ইয়াৰ বাবদ ৪,৩৬০ কোটি টকা অনুমোদন ৰাজ্যৰ কেবিনেটৰ।

পাব্লিক ইমাৰজেঞ্চি ফাণ্ডৰ বাবদ ১০ কোটি সুকীয়াকৈ ধাৰ্য্য। বিশেষভাৱে সক্ষম লোকৰ স্বাস্থ্য, দুৰ্ঘটনা বীমাৰ বাবেএই ফাণ্ড ব্যৱহাৰ হ'ব। কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ বাবে অসম চৰকাৰৰ সংৰক্ষণ ব্যৱস্থা। ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় গ্ৰেডত ২% সংৰক্ষণৰ ব্যৱস্থাত অনুমোদন কেবিনেটৰ। আজি এক সংবাদমেলত মন্ত্ৰী পীযুষ হাজৰিকাই কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি