মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Budget 2021-22: সদনত দাখিল ২০২১-২২ বৰ্ষৰ বাজেট। থোৰতে জানি লওক বাজেটৰ গুৰুত্বপূৰ্ণ দিশ সমূহ।

Assam Budget 2021-22: সদনত দাখিল ২০২১-২২ বৰ্ষৰ বাজেট। থোৰতে জানি লওক বাজেটৰ গুৰুত্বপূৰ্ণ দিশ সমূহ।

বাজেটৰ সকলোতকৈ ডাঙৰ দিশটো হৈছে ১ লাখ পদত নিযুক্তিৰ ৰূপৰেখা তৈয়াৰ। নতুন পদৰ সৈতে ১ লাখ নিযুক্তিৰ প্ৰস্তাৱ বাজেটত।

বাজেটৰ সকলোতকৈ ডাঙৰ দিশটো হৈছে ১ লাখ পদত নিযুক্তিৰ ৰূপৰেখা তৈয়াৰ। নতুন পদৰ সৈতে ১ লাখ নিযুক্তিৰ প্ৰস্তাৱ বাজেটত।

বাজেটৰ সকলোতকৈ ডাঙৰ দিশটো হৈছে ১ লাখ পদত নিযুক্তিৰ ৰূপৰেখা তৈয়াৰ। নতুন পদৰ সৈতে ১ লাখ নিযুক্তিৰ প্ৰস্তাৱ বাজেটত।

  • Share this:
বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰিলে ২০২১-২২ বৰ্ষৰ বাজেট (Assam Budget 2021-22) ।  ৫৬৬ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰিলে অজন্তা নেওগে। এই বাজেটতত কেইবাটাও ক্ষেত্ৰত অভিলাষী আৰু অভিনৱ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। জানোঁ আহক হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেটৰ জৰুৰী কথাসমূহ-

বাজেটৰ সকলোতকৈ ডাঙৰ দিশটো হৈছে ১ লাখ পদত নিযুক্তিৰ ৰূপৰেখা তৈয়াৰ। নতুন পদৰ সৈতে ১ লাখ নিযুক্তিৰ প্ৰস্তাৱ বাজেটত।

মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ চৰ্তসাপেক্ষ প্ৰস্তাৱ। তিনিটা শ্ৰেণীত মহিলাসকলক ভাগ কৰি ঋণ ৰেহাইৰ আঁচনি প্ৰস্তুত। নিয়মিত ঋণ পৰিশোধ কৰা মহিলালৈ ২৫০০০ টকাৰ পুৰষ্কাৰ।

কোনো নতুন কৰ (Tax) আৰোপ কৰা হোৱা নাই বাজেটত।

২০২১-২২ বৰ্ষৰ বাজেটত গড়কপ্তানী বিভাগত সৰ্বাধিক ৮৫৮৩.৩৭ কোটি ধাৰ্য কৰা হৈছে।২০২৩ৰ আগষ্টৰ ভিতৰত গুৱাহটী আৰু উত্তৰ গুৱাহাটী মাজৰ দলং নিৰ্মাণ হ'ব। পলাশবাৰী-গুৱাহাটী সংযোগী বৃহৎ দলং নিৰ্মাণৰ প্ৰস্তাৱ বাজেটত।

শক্তি বিভাগৰ বাবে ৪৩৯৪.৯৬ কোটি টকা ধাৰ্য। বিনামূলীয়া বিদ্য়ুৎ যোগান, সকলো শ্ৰেণীৰ গ্ৰাহকৰ বাবে শুল্ক ৰেহাই আৰু বিলম্বিত পৰিশোধৰ বাবে উপকৰ ৰেহাইৰ প্ৰস্তাৱ বাজেটত।
নামৰূপত ১০০ মেগাৱাট শক্তিসম্পন্ন আৰু এটা গেছ ভিত্তিক গোট স্থাপনৰ প্ৰস্তাৱ। মাজুলীত ২০ মেগাৱাট শক্তিসম্পন্ন আন এটা প্ৰকল্পৰ কামৰ প্ৰস্তাৱ। ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাত ১২০ মেগাৱাট শক্তিসম্পন্ন নামনি কপিলী জলবিদ্যুত প্কল্প ৰূপায়ণৰ প্ৰস্তাৱ।

পঞ্চায়ত আৰু বিভাগত ৮০২৩.৬৯ কোটি টকা ধাৰ্য কৰে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাবে ১২০৪.৩৬ কোটি টকা ধাৰ্য।

১০ খন নতুন পছকো (POSCO) আদালত স্থাপনৰ প্ৰস্তাৱ।

জলসিঞ্চনত ১২৪৫.৮৫ কোটি টকা ধাৰ্য বাজেটত। কুলশী বহুমুখী প্ৰকল্পৰ প্ৰস্তাৱ য'ত ৫৫ মেগাৱাট শক্তি উৎপাদন  আৰু ২০,৫০০ হেক্টৰ ভূমিত জলসিঞ্চন কৰা হ'ব।

উদ্যোগ আৰু বাণিজ্য বিভাগৰ বাবে ২২২.৫৪ কোটি টকা ধাৰ্য বাজেটত। ব্যৱসায়িক সুচলতা (Ease of Doing business)ৰ বাবে পেছাদাৰী দল নিযোগৰ প্ৰস্তাৱ।

গুৱাহাটী উন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগ দুটাক একত্ৰিকৰণ কৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা (Housing and Urban Affairs) বিভাগ ৰূপে গঠন কৰা হৈছে।

গৃহ বিভাগৰ বাবে ৫৬৫৯.৭৪ কোটি টকা ধাৰ্য। যোৰহাট, শিলচৰ, তেজপুৰ, ডিব্ৰুগড় আৰু বঙাইগাঁৱত ৫টা নতুন ফৰেণছিক লেবৰেটৰীৰ প্ৰস্তাৱ। ৩১টা অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা কেন্দ্ৰৰ বাবে আন্তগাথনি সৃষ্টিৰ কাম আৰম্ভ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৭০০৪.৩৫ কোটি টকা ধাৰ্য। চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২০ খনলৈ বৃদ্ধিৰ প্ৰস্তাৱ। বৰ্তমান ১০০০ MBBS আৰু ৭১১খন স্নাতকোত্তৰ আসন আছে অসমত। উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যলয়ত ১০০ শিক্ষাৰ্থীৰ সৈতে শৈক্ষিক বৰ্ষ আৰম্ভ কৰাৰ প্ৰস্তাৱ।

পৰিবেশ আৰু বন বিভাগত ৭৩০.১২ কোটি টকা ধাৰ্য। গুৱাহাটীক সোউজীকৰণৰ বাবে ৩ বছৰীয়া মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে।

বঙাইগাঁও, বিহালী, শুৱালকুছিত ৩ খন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু হাজো, মাজুলী আৰু টিংখঙত ৩খন নতুন পলিটেকনিক নিৰ্মাণৰ প্ৰস্তাৱ। পাৰদৰ্শী কাৰিকৰী কৰ্মী পাবলৈ চলিত বছৰতে অভিযান্ত্ৰিক সেৱা নিযুক্তি প্ৰাধিকৰণ গঠনৰ প্ৰস্তাৱ। কাৰিকৰী শিক্ষা বিভাগত ৪১০.১৭ কোটি টকা।

মাধ্যমিক শিক্ষা বিভাগত ৫১৩১.৫১ কোটি টকা ধাৰ্য। ষষ্ঠ শ্ৰেণীৰ পৰা দশমলৈ ছাত্ৰীক বিনামূলীয়া চেনিটেৰী নেপকিন যোগানৰ প্ৰস্তাৱ। ভিতৰুৱা ঠাইত শিক্ষকৰ বাবে কোৱাৰ্টাৰ নিৰ্মাণৰ প্ৰস্তাৱ।

উচ্চ শিক্ষা বিভাগত ২৬১২ কোটি টকা ধাৰ্য। প্ৰাথমিক শিক্ষা বিভাগত ৯৩৮৯.৫৪ কোটি টকা।

জালুকবাৰীত ডঃ ভূপেন হাজৰিকা স্মাৰকৰ প্ৰস্তাৱ । ডিব্ৰুগড়ত এখন কলাক্ষেত্ৰৰ প্ৰস্তাৱ।

আন্তৰাজ্যিক সীমান্তত ৫০টা নতুন সীমান্ত আৰক্ষী চকী স্থাপনৰ প্ৰস্তাৱ।

অসম আন্দোলনৰ শ্বহীদলৈ ৫ লাখ টকাৰ সাহাৰ্য আৰু গুলিবিদ্ধলৈ ২ লাখ টকাৰ সাহাৰ্য। শ্বহীদৰ পৰিয়ালৰ পুনৰসংস্থাপনৰ বাবে ন্যাস গঠনৰ প্ৰস্তাৱ।

দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে মাইকী গৰু আৰু ম'হৰ পোৱালিৰ জন্মৰ সংখ্যা বৃদ্ধিৰ বাবে কৃত্ৰিম পদ্ধতি প্ৰয়োগৰ প্ৰস্তাৱ।  খানাপাৰাত Multi-Brand Milk Mall স্থাপন কৰা হ'ব।

কৃষি বিভাগত ২৩৪০ .২৩ কোটি টকা ধাৰ্য।

ডিব্ৰুগড় আৰু শিলচৰত স্থাপন কৰা হ'ব নতুন চিৰিয়াখানা।
তামুলপুৰত এখন নতুন জিলা সৃষ্টিৰ প্ৰস্তাৱ।
১০০০টা স্বাস্থ্য উপ কেন্দ্ৰক হাস্পতাললৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ।
অৰুণোদয় আচনিৰ বাবে ১৮০০ কোটি টকা। অৰুণোদয়ৰ অধীনত মাহিলী সাহায্য ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি। ৬.৩৬ লাখ নতুন হিতাধিকাৰী সৃষ্টিৰ লক্ষ্য।

চাহ বাগিচাত শ্ৰমিকৰ বাবে ৫০ হাজাৰ টকাৰ অৱসৰ ভাট্টাৰ প্ৰস্তাৱ

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি