মুখ্যপৃষ্ঠা »খবৰ »অসম »AIBA বিশ্ব বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ অসমৰ শিৱ থাপাৰ। প্ৰি-কোৱাৰ্টাৰত শিৱই ধৰাশায়ী কৰিলে ফ্ৰান্সৰ লওন্স হামৰাওইক।

AIBA বিশ্ব বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ অসমৰ শিৱ থাপাৰ। প্ৰি-কোৱাৰ্টাৰত শিৱই ধৰাশায়ী কৰিলে ফ্ৰান্সৰ লওন্স হামৰাওইক।

AIBA World Boxing Championship: কোৱাৰ্টাৰ ফাইনেলত শিৱ থাপাৰৰ সম্মুখত তুৰস্কৰ কেৰেম অৱেজমেন।

AIBA World Boxing Championship: কোৱাৰ্টাৰ ফাইনেলত শিৱ থাপাৰৰ সম্মুখত তুৰস্কৰ কেৰেম অৱেজমেন।

  • Share this:
অসমৰ ক্ৰীড়াজগতৰ বাবে ভাল লগা খবৰ। অসমৰ সফল আন্তঃৰাষ্ট্ৰীয় বক্সাৰ শিৱ থাপা (Shiva Thapa)ই আইবা বিশ্ব বক্সিঙ (AIBA World Boxing Championship)ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। ছাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেড (Belgrade)ত অনুষ্ঠিত আইবা পুৰুষ বক্সিঙৰ ৬৪ কেজি শাখাত সোমবাৰে নিশা শিৱ থাপাই ফ্ৰান্সৰ শক্তিশালী প্ৰতিপক্ষ লওন্স হামৰাওইক ৪-১ পইণ্টত পৰাস্ত কৰে।

কেনিয়া, ছিয়েৰা লিয়ন আৰু ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাজিত কৰা এছিয়ান চেম্পিয়ন বক্সাৰ শিৱ থাপাই এতিয়া মঙলবাৰে নিশাৰ খেলত তুৰস্ক (Turky)ৰ কেৰেম অৱেজমেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুবাৰৰ অলিম্পিয়ান তথা অৰ্জুন বঁটা বিজয়ী বিশ্ব বিখ্যাত বক্সাৰ শিৱ থাপাই বিশ্ব চেম্পিয়নৰ বাবে নিজকে উজাৰি দিবলৈ সাজু।

বেলগ্ৰেডৰ খেলৰ সময়ত ৰিঙৰ কাষত উপস্থিত থকা ভাৰতীয় বক্সিঙৰ সচিৱ প্ৰধান অসমৰ হেমন্ত কলিতাই অভিনন্দন জনাইছে শিৱ থাপাক। ইফালে একেখন প্ৰতিযোগিতাত ভাৰতবৰ্ষৰ হেভিৱেইট বক্সাৰ নৰিন্দৰ ( ৯২ কেজি), সঞ্জিত (৯২ কেজি), নিশান্ত দেৱ (৭১ কেজি) আৰু ৫৪ কেজিত আকাশ কুমাৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি