
Assam Book Fair ticket lottery: ৫ কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে এইবাৰৰ গ্ৰন্থমেলাত।
Assam Book Fair ticket lottery: ৫ কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে এইবাৰৰ গ্ৰন্থমেলাত।
২৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা অসম গ্ৰন্থমেলা আজি সামৰণি পৰিল। অসমৰ বৌদ্ধিক জগতৰ বাবে এই গ্ৰন্থমেলাৰ আদৰ আগৰ দৰেই আকৰ্ষণীয় আছিল। এইবাৰ গ্ৰন্থৰ বিক্ৰীৰ হাৰ সন্তোষজনক বুলিও ব্যৱসায়ীসকলৰ পৰা জানিব পৰা গৈছে। ৫ কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে এইবাৰৰ গ্ৰন্থমেলাত। গ্ৰন্থমেলা উপলক্ষে টিকটৰ ক্ষেত্ৰত আয়োজন কৰা হয় এখন লটাৰী খেলৰো।
সেই খেলৰ ঘোষণাও আজি সামৰণিৰ দিনা কৰা হৈছে (Assam Book Fair ticket lottery results announced)। টিকট ক্ৰয় কৰি নিৰ্দিষ্ট বাকচত ৰখা টিকটৰ নম্বৰৰ ভিত্তিত ঘোষণা কৰা এই ভাগ্যৰ খেলায়ো সামৰণিৰ দিনা সকলোৰে মনোযাগ আকৰ্ষণ কৰে। এইবাৰ ঘোষণা কৰা অনুসৰি নিমোক্ত নম্বৰ কেইটা লটাৰীত উঠে। এই নম্বৰকেইটা হৈছে-
প্ৰথম পুৰস্কাৰ ০৯৮০৫০, দ্বিতীয় পুৰস্কাৰ ০৬০৮৬৪, তৃতীয় পুৰস্কাৰ ০৯৮০২২, চতুৰ্থ পুৰস্কাৰ ০৫৭৮০০, পঞ্চম পুৰস্কাৰ ০৫৬৩৪২।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|