ছাত্ৰ-ছাত্ৰীৰ পূৰ্বৰ পৰীক্ষাত প্ৰাপ্ত নম্বৰ বিচাৰিছে ছেবা আৰু শিক্ষা সংসদে। সকলো বিদ্যালয়-মহাবিদ্যালয়লৈ নম্বৰ বিচাৰি পত্ৰ প্ৰেৰণ শিক্ষা বিভাগৰ।
মেট্ৰিকৰ ক্ষেত্ৰত দাখিল কৰিব লাগিব নৱমৰ বছৰেকীয়া পৰীক্ষাৰ নম্বৰ। লগতে দাখিল কৰিব লাগিব দশমৰ গোট পৰীক্ষা, ছয়মাহিলী পৰীক্ষা, প্ৰাৰম্ভিক ব’ৰ্ড পৰীক্ষাৰ নম্বৰসমূহ।
উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত দাখিল কৰিব লাগিব শিক্ষাৰ্থীৰ মেট্ৰিকৰ নম্বৰৰ লগতে ২০২০ বৰ্ষৰ জুন আৰু ডিচেম্বৰত অনুষ্ঠিত হোৱা দুটাকৈ গোট পৰীক্ষাৰ নম্বৰ ।
সংসদৰ নিৰ্দেশমৰ্মে ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা টেষ্ট পৰীক্ষাৰ নম্বৰ দাখিল কৰিব লাগিব, ইয়াৰ বাবে শিক্ষানুষ্ঠানসমূহক সকলো ফলাফল সংৰক্ষণৰ নিৰ্দেশ শিক্ষা বিভাগৰ। হাইস্কুল-উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বাতিলৰ পিছত ছাত্ৰ-ছাত্ৰীৰ মূল্যাংকনৰ বাবে SEBA আৰু শিক্ষা সংসদে গ্ৰহণ কৰা এই পদক্ষেপৰ পিছতে একাংশ শিক্ষানুষ্ঠানত এতিয়া সৃষ্টি হৈছে হাহাকাৰৰ ৷ কিয়নো ক’ভিডৰ বাবে একাংশ শিক্ষানুষ্ঠানত হোৱা নাই এটাও পৰীক্ষা। পৰীক্ষা নপতাক লৈ বিপাঙত পৰিছে শিক্ষানুষ্ঠানসমূহ।এই সমূহ সমস্যা সমাধানৰ বাবে শিক্ষা বিভাগে চলাইছে এক সমীক্ষা
পৰীক্ষা অনুষ্ঠিত কৰা আৰু নকৰা শিক্ষানুষ্ঠানৰ লোৱা হ’ব তথ্য
এই তথ্যৰ ভিত্তিত শিক্ষা সংসদ আৰু ছেবাই গঠন কৰি দিয়া ৯ জনীয়া কমিটিক দাখিল কৰিব প্ৰতিবেদন।মংগলবাৰে শিক্ষা সংসদত আৰু বুধবাৰে ছেবাত হ’বলগীয়া বৈঠকত উপস্থাপন কৰাৰ পিছতে মূল্যায়নৰ বিষয়ক লৈ এক সিদ্ধান্তত উপনীত হ’ব দুয়োখন ব’ৰ্ড।
- First Published :