উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ আলোচনা হোৱা উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক সম্পন্ন হৈছে। বৈঠকৰ অন্তত কলা-বাণিজ্য-বিজ্ঞান কাৰিকৰী শাখাৰ মূল্যায়ন সুকীয়াকৈ কৰা হ'ব বুলি জানিব পৰা গৈছে।
CBSE আৰু আন আন ৰাজ্যৰ মূল্যায়নৰ পদ্ধতিৰ দৰেকৈ অসমৰ উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰতো হ'ব মূল্যয়ান। আলোচনাৰ কিছু প্ৰয়োজন আছে এতিয়াও সিদ্ধান্তত উপনীত হ'ব পৰা নাই বুলি কমিটীয়ে কৈছে।
নিৰ্ধাৰিত সময়ৰ ভিতৰতে দাখিল কৰা হব মূল্যায়নৰ পদ্ধতি, মূল্যায়নৰ আৰ্হি হিচাপে লোৱা হৈছে CBSEৰ প্ৰক্ৰিয়া। যোগ্যতাৰ ভিত্তিত ফলাফল লাভ কৰিব ছাত্ৰ-ছাত্ৰী সকলে। ছাত্ৰ-ছাত্ৰী সকলে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই।এই ক্ষেত্ৰত অভিভাৱক সকলৰো দায়িত্ব আছে। অসামান্য পৰিবেশৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। ছাত্ৰ-ছাত্ৰীৰ অনুকূলে গ্ৰহণ কৰা হ'ব সিদ্ধান্ত
স্থান থাকিব নে নাই, এই বিষয়ে এতিয়ালৈ আলোচনা হোৱা নাই বুলি তেওঁলোকে জানিবলৈ দিছে।
পৰীক্ষা বাতিল হোৱা ৰাজ্যৰো আৰ্হি অনুকৰণ কৰা হ'ব। ন্যায়ৰ পৰা বঞ্চিত নহয় ছাত্ৰ-ছাত্ৰীসকল, ৰেংক সম্পৰ্কত পৰৱৰ্তী সময়ত আলোচনা কৰা হ'ব। দ্বিতীয়খন বৈঠকত সকলো বিষয় আলোচনা কৰা হ'ব বুলি জানিবলৈ দিছে উচ্চস্তৰীয় কমিটীৰ বিষয়ববীয়াই।
Published by: Kokil Sarma
FIRST PUBLISHED : June 22, 2021, 17:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|