মুখ্যপৃষ্ঠা »খবৰ »অসম »PM Narendra Modi's Birthday : কাইলৈ প্ৰধানমন্ত্ৰীৰ জন্মদিন, পুৱাই এইটো নামঘৰত চাকি জ্বলাব মুখ্যমন্ত্ৰীয়ে

PM Narendra Modi's Birthday : কাইলৈ প্ৰধানমন্ত্ৰীৰ জন্মদিন, পুৱাই এইটো নামঘৰত চাকি জ্বলাব মুখ্যমন্ত্ৰীয়ে

PM Narendra Modi's Birthday : দিলীপ শইকীয়া, অজয় জামোৱাল, ফণীন্দ্ৰনাথ শৰ্মা, ভৱেশ কলিতাইও পৃথকে পৃথকে অংশ ল'ব জন্মদিনৰ কাৰ্যসূচীত 

PM Narendra Modi's Birthday : দিলীপ শইকীয়া, অজয় জামোৱাল, ফণীন্দ্ৰনাথ শৰ্মা, ভৱেশ কলিতাইও পৃথকে পৃথকে অংশ ল'ব জন্মদিনৰ কাৰ্যসূচীত 

PM Narendra Modi's Birthday : দিলীপ শইকীয়া, অজয় জামোৱাল, ফণীন্দ্ৰনাথ শৰ্মা, ভৱেশ কলিতাইও পৃথকে পৃথকে অংশ ল'ব জন্মদিনৰ কাৰ্যসূচীত 

  • Share this:
কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন । বিজেপিয়ে ২০ দিনীয়া কাৰ্যসূচীৰে মোদীৰ জন্মদিন উপলক্ষে  “সেৱা আৰু সমর্পণ” কাৰ্যসূচী পালন কৰিবলৈ উঠিপৰি লাগিছে। এই  “সেৱা আৰু সমর্পণ” অভিযানৰ অংশ স্বৰূপে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ১৭ ছেপ্তেম্বৰৰ দিনা পুৱা ১০.৩০ বজাত পশ্চিম বৰাগাঁৱৰ বংশীগােপাল নামঘৰত চাকি জ্বলাই প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘায়ূ কামনা কৰিব। লগতে মুখ্যমন্ত্ৰীয়ে অন্যান্য বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰিব। এই সময়ত সাংসদ কুইন ওজাও মুখ্যমন্ত্ৰীৰ লগত থাকিব।

বৃহস্পতিবাৰে বিজেপি, অসম প্রদেশৰ হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত  ৰাজ্যিক বিজেপিৰ  সভাপতি ভৱেশ কলিতা,  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত ৰাজ্যিক বিষয়ববীয়াসকল এক বৈঠকত মিলিত হয়।

সভাপতি ভৱেশ কলিতাই ৰাজ্যিক বিজেপিৰ বুথ, মণ্ডল আদি সকলাে পর্যায়ৰ ৪২লাখৰাে অধিক কার্যকর্তাক সমগ্ৰ অসমতে “সেৱা আৰু সমর্পণ” অভিযান সফলভাৱে আয়ােজন কৰিবলৈ আহ্বান জনায়। সভাত উপস্থিত থাকি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই দলৰ কাৰ্যকর্তা সকলক ২০টা বছৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে দেশ তথা সমাজ নির্মাণৰ কাৰণে গ্রহণ কৰা যুগান্তকাৰী পদক্ষেপ সমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ আহ্বান জনায়।

উল্লেখযােগ্য “সেৱা আৰু সমর্পণ” অভিযানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ তৰফৰ পৰা প্ৰতিখন জিলা, মণ্ডল আৰু ২০,০০০ৰাে অধিক বুথ স্তৰত এক বিস্তৃত কুৰি দিনীয়া কাৰ্যসূচী হাতত লােৱা হৈছে।

প্রদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই কাৰ্যসূচীৰ প্রথম অংশ হিচাপে বেজেৰাৰ এছ কে দত্ত হাইস্কুলত উপস্থিত থাকি ক’ভিড ভেকচিনেশ্যন চেণ্টাৰৰ উদ্বোধন কৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই মঙলদৈত, উত্তৰ পূবৰ সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামােৱালে পাঠৰকুৱেৰীৰ ৰাজহুৱা নামঘৰত আৰু ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শমাই আজৰাৰ কেওঁতপাৰা মা-মনসা মন্দিৰত আয়ােজন হ'বলগীয়া “সেৱা আৰু সমর্পণ”কার্যসূচীত উপস্থিত থাকিব।

সভাপতি কলিতাই গৰাকীয়ে অহা ১৭ ছেপ্তেম্বৰত প্রধানমন্ত্রী গৰাকীৰ জন্মদিন উপলক্ষে ৰাজ্যিক বিজেপিৰ ৪২ লাখৰাে অধিক কার্যকৰ্তাক প্রধানমন্ত্রী গৰাকীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি নিজ নিজ বাসগৃহৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি