কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ক আদৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে 'জন আশীৰ্বাদ যাত্ৰা'ই কোভিড প্ৰ'ট'কল ভংগ কৰাৰ অভিযোগ তুলি ৰাজ্যৰ বিভিন্ন থানাত গোচৰ তৰাৰ হুংকাৰ দিছে অসম জাতীয় পৰিষদে। অজাপ (AJP)ৰ এই কাৰ্যক পাব্লিচিটী আৰ্জনৰ চেষ্টা বুলিহে কটাক্ষ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
ভৱেশ কলিতাই কয়, "কিছুমান ৰাজনৈতিক দলৰ কাম নাই ৷ কাম নহোৱাৰ বাবে এনে চিন্তাই থল পাইছে ৷ তেওলোকে বিচাৰিছে পাব্লিবিটী ৷ পাব্লিচিটী বিচাৰি কোভিড প্ৰ'ট'কল ভংগৰ অভিযোগ তুলিছে ৷ কিন্তু তেওঁলোকে পাব্লিচিটী নাপায়, মাথোন কাকতৰ চুকত সৰুকৈহে অলপ প্ৰকাশ পাব ৷"
সভাপতি কলিতাই লগতে কয়, "আমি কভিড প্ৰ'ট''কল ভংগ কৰিব বিচৰা হ'লে বিশাল ৰেলী উলিয়ালো হেঁতেন। সেয়া কৰা নাই ৷ বিৰোধী নাৰ্ভাচ হৈছে। সেয়ে যিহতে তিহকে কবলৈ আৰম্ভ কৰা বুলি দাবী ৷"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|