শনিবাৰে বিজেপি (BJP)য়ে অনুষ্ঠিত কৰিলে বিষয়ববীয়া বৈঠক ৷ বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লোৱাৰ পিছত ভৱেশ কলিতা (Bhabesh Kalita)ই আমিনগাঁওস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিলে দুখন বৈঠক ৷ বৈঠকত ভাগ ল'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal), সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাকে ধৰি কেইবাগৰাকীও উচ্চস্তৰীয় বিজেপি নেতাই ৷
বৈঠকৰ পিছতে সভাপতি ভৱেশ কলিতাই ক'লে, "২২আৰু ২৩ ছেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা হ'ব ৷ ৬টা সমষ্টিত আহি থকা উপ-নিৰ্বাচনকলৈও আলোচনা হৈছে বৈঠকত ৷ ১৭ ছেপ্তেম্বৰত নৰেন্দ্ৰ মোদীৰ জন্মদিন, ২০ দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিম সেৱা দিৱস ৷ ২০০১ চনৰ পৰা ২০২১ চনলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ২০ বছৰীয়া কাৰ্যকালৰ বাবে ২০ দিনীয়া সেৱা দিৱস ৷ লোকসভা নিৰ্বাচনৰ বিষয়ে চৰ্চা কৰা নাই, উপ-নিৰ্বাচনৰহে ৬ খন আসন মিত্ৰজোঁটে দখল কিদৰে কৰিব তাক লৈ আলোচনা হৈছে ৷"
উল্লেখযোগ্য যে বিজেপিয়ে ইতিমধ্যে বিজেপিৰ সাংগঠনিক দিশটোক অধিক তৰান্বিত কৰি তুলিবলৈ বিজেপিয়ে অব্যাহত ৰাখিছে কাম-কাজ ৷ অসম প্ৰদেশ বিজেপিয়ে মঙলবাৰে ৮টা মৰ্চাৰ ৭টাৰে পূৰ্ণাঙ্গ সমিতি ঘোষণা কৰাৰ পিছত বুধবাৰে আঠোটা মৰ্চাৰে নতুন প্ৰভাৰী নিযুক্তি দিলে ৷
যুৱ মৰ্চাৰ (BJP Yuva Morcha, Assam)ৰাজ্যিক প্ৰভাৰীৰ দায়িত্ব লাভ কৰিছে দলটোৰ মূল সমিতিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাই ৷ মহিলা মৰ্চাৰ প্ৰভাৰীৰ দায়িত্বত ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোঁহাই, কিষাণ মৰ্চাৰ প্ৰভাৰীৰ দায়িত্ব লাভ কৰিছে ৰাজ্যিক উপ সভাপতি অশোক ভট্টৰায়ে, অনুসূচীত জাতি মৰ্চাৰ প্ৰভাৰীৰ দায়িত্বত উপ সভাপতি জয়ন্ত কুমাৰ দাস, ৰাজ্যিক উপ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলেক অনুসূচীত জনজাতি মৰ্চাৰ প্ৰভাৰীৰ দায়িত্ব, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ প্ৰভাৰী হিচাপে নিযুক্তি পাইছে উপ সভাপতি অজয় কোঁৱৰে, সংখ্যালঘু মৰ্চাৰ প্ৰভাৰীৰ দায়িত্বত ৰাজ্যিক উপ সভানেত্ৰী বিজুলী কলিতা মেধী আৰু চাহ জনগোষ্ঠী মৰ্চাৰ প্ৰভাৰীৰ দায়িত্ব লাভ কৰিছে ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ৷
বিজেপিয়ে নিযুক্তি দিছে দলটোৰ ৩৯খন সাংগঠনিক জিলাত প্ৰভাৰী আৰু সহ প্ৰভাৰী ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|