বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / গুৱাহাটী / বিশ্ব অভিলেখ সৃষ্টিৰ অনুষ্ঠানৰ বাবে সাজু অসমৰ বিহুৱা-বিহুৱতী ...

বিশ্ব অভিলেখ সৃষ্টিৰ অনুষ্ঠানৰ বাবে সাজু অসমৰ বিহুৱা-বিহুৱতী ...

বিশ্ব অভিলেখ সৃষ্টিৰ অনুষ্ঠানৰ বাবে সাজু অসমৰ বিহুৱা-বিহুৱতী ...

অসমৰ বিভিন্ন  জিলাৰ বিহুৱা-বিহুৱতী সকলে মঙলবাৰে মহানগৰীৰ সৰু সজাই ষ্টেডিয়ামত দুয়োবেলা নাচৰ আখৰা কৰে৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত আখৰাৰ প্ৰথম দিনা প্ৰায় ১১ হাজাৰ বিহুৱা-বিহুৱতীয়ে বহু সময় ধৰি বিহু নাচত অংশগ্ৰহণ কৰে৷

  • News18 Assam Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নাচক স্থান দিয়াৰ অৰ্থে অসম চৰকাৰৰ উদ্যোগত অহা ১৪ এপ্ৰিলত হ’বলগীয়া বিহু নাচৰ আখৰা চলি আছে পূৰ্ণগতিত।

অসমৰ বিভিন্ন  জিলাৰ বিহুৱা-বিহুৱতী সকলে মঙলবাৰে মহানগৰীৰ সৰু সজাই ষ্টেডিয়ামত দুয়োবেলা নাচৰ আখৰা কৰে৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত আখৰাৰ প্ৰথম দিনা প্ৰায় ১১ হাজাৰ বিহুৱা-বিহুৱতীয়ে বহু সময় ধৰি বিহু নাচত অংশগ্ৰহণ কৰে৷ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে আন বহু কেইজন বিশিষ্ট ব্যক্তিয়ে সৰু সজাইৰ বিহু  নাচৰ আখৰা উপভোগ কৰে৷ বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে চলোৱা এই প্ৰচেষ্টা সফল কৰাৰ বাবে সকলোৱে কৰা কষ্টক শলাগ লয় দুয়োগৰাকী মন্ত্ৰীয়ে। সৰু সজাইৰ বিহু নাচ প্ৰশিক্ষণ দি আছে প্ৰশিক্ষকৰ নেতৃত্বত আছে বিশিষ্ট শিল্পী ৰঞ্জিত গগৈয়ে৷ সৰু সজাইৰ বিশাল ষ্টেডিয়ামত ১৪ এপ্ৰিলত হ’ব লগা বিশেষ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থিত থাকিব বুলি জানিব পাৰি উৎফুল্লিত হৈ আছে শিল্পীসকল।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন